মৰাণ, 8 ডিচেম্বৰঃ ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত সুশান্ত কুমাৰ দত্তৰ সভাপতিত্বত মঙলবাৰে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচনী শাখাৰ ছিষ্টেমেটিক ভোটাৰছ এডুকেশ্যন এণ্ড ইলেক্টৰেল পাৰ্টিশ্বিপেছন কোষৰ এখনি সভা অনুষ্ঠিত হয় ৷ সভাত ডিব্ৰুগড় জিলাৰ 7 টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াৰ অধীনত নতুন ভোটাৰসকলৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্য আগত ৰাখি এক পৰিকল্পনা প্ৰস্তুত কৰা হয় ৷
![important meeting at Dibrugarh Deputy commissioner office](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8052to8054-animportantmeetingatdibrugarhdeputycommissioneroffice-as10031_08122020192454_0812f_1607435694_840.jpg)
তদুপৰি ভোটাৰ তালিকাৰ অন্যান্য সংশোধনী যেনে নাম কৰ্তন, বিৱৰণিৰ শুধৰণি, এটা ভোটদান কেন্দ্ৰৰ পৰা আন এটা ভোটদান কেন্দ্ৰলৈ নাম সলনি প্ৰক্ৰিয়া সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ আদি বিষয় সমূহো পৰিকল্পনাত অন্তভূৃক্ত কৰা হয় ৷ সভাত সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া গীতাশ্ৰী লাচিত আৰু সহকাৰী আয়ুক্ত কুইন গগৈ আৰু ছুইপ কোষৰ অন্যান্য সদস্যসকল উপস্থিত থাকে ৷
লগতে পঢ়কঃকৃষি আইন বাতিলৰ দাবীৰে মহানগৰীত কৃষক মুক্তিৰ প্ৰতিবাদ