ETV Bharat / state

ৰাজ্যজুৰি ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

author img

By

Published : Dec 8, 2020, 8:33 PM IST

কেন্দ্ৰ চৰকাৰে গৃহীত কৰা কৃষি বিধেয়কৰ বিৰোধিতাৰে মঙলবাৰে ঘোষণা কৰা ভাৰত বন্ধৰ প্ৰভাৱ দেখিবলৈ পোৱা গ'ল মৰাণত ৷ ৰাজ্যজুৰি বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ৷ সকলোৱে কৃষি আইন বাতিলৰ আহ্বান জনাইছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন স্থানত ৷

Impact of Bharat bandh at Moran
ৰাজ্যজুৰি ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

মৰাণ, 8 ডিচেম্বৰ : কৃষি আইন বাতিলৰ দাবীৰে 8 ডিচেম্বৰত সমগ্ৰ দেশজুৰি প্ৰভাৱ পৰিছে ভাৰত বন্ধৰ ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হ'ল ৷ তিনিখনকৈ কৃষি আইন প্ৰত্যাহাৰ কৰাৰ দাবীত কেইবাটাও কৃষক সংগঠনে আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰভাৱ উজনি অসমৰ মৰাণতো সৰ্বাত্মক ৰূপত দেখা গ'ল।

Impact of Bharat bandh
ৰাজ্যজুৰি ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

বন্ধৰ সময়ছোৱাত মৰাণ নগৰৰ একাংশ ফাৰ্মাচিৰ বাহিৰে বাকী প্ৰায় বিলাক দোকান-পোহাৰ বন্ধ হৈ পৰে । ৰাজপথত ব্যক্তিগত দুই এখন যান-বাহন আৰু জৰুৰী সেৱাৰ বাহন সমূহৰ বাহিৰে সকলো যান-বাহনৰ চলাচল বন্ধ হৈ পৰে । ইফালে বন্ধৰ সমৰ্থন জনোৱা কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয় গণ মঞ্চৰ কৰ্মকৰ্তা সকল ৰাজপথলৈ ওলাই আহি কৃষক আইন প্ৰত্যাহাৰৰ দাবী তোলে ।

লগতে পঢ়ক: কৃষি আইন বাতিলৰ দাবীত ৰাজ্যজুৰি ভাৰত বন্ধৰ সমৰ্থন

ইফালে বিশ্বনাথতো কৃষি আইন বাতিলৰ দাবীত দল সংগঠন উলাই আহে ৰাজপথলৈ ৷ বিশ্বনাথ কংগ্ৰেছ আৰু বিশ্বনাথ জিলাৰ কৃষক সভা,নিখিল ভাৰত কৃষক পৰিষদ, SFI,,DYFI, AIDWA সদস্য সকলে বিশ্বনাথ নগৰত পৃথক পৃথক ভাৱে প্ৰতিবাদ সাব্যস্ত কৰে কৃষি আইনৰ বিৰুদ্ধে । বিশ্বনাথৰ কংগ্ৰেছ কৰ্মী সকলে ভাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জুমুঠি দাহ কৰি বিল কেইখনৰ বিৰোধীতা কৰে ।

Impact of Bharat bandh
ৰাজ্যজুৰি ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

লগতে পঢ়ক: নাৰায়ণপুৰৰ পথাৰত জ্বলিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.