নাহৰকটীয়া,৩ জুলাই: ক'ৰণাৰ ভয়াৱহতাৰ বাবে চৰকাৰে জাৰি কৰা সান্ধ্য আইনকো অমান্য কৰি নাহৰকটীয়াত চলি আছে কাঠৰ সৰবৰাহ ৷ বৃহস্পতি বাৰে নিশা সান্ধ্য আইন অমান্য কৰি কাঠৰ কুণ্ডা কঢ়িয়াই নিয়া দুখনকৈ ট্ৰাক জব্দ কৰিলে নাহৰকটীয়া আৰক্ষীয়ে ৷ উল্লেখ্য যে AS-06A-0018 আৰু AS-23G-0254 নম্বৰৰ দুখনকৈ কুণ্ডাভৰ্টি ট্ৰাক জয়পুৰৰ পৰা নাহৰকটীয়া অভিমুখে আহি থকাৰ খবৰৰ ভিত্তিত নাহৰকটীয়া আৰক্ষীয়ে ট্ৰাক দুখন জব্দ কৰিবলৈ সক্ষম হয় । অৱশ্যে শুকুৰবাৰে পুৱা জব্দ কৰা ট্ৰাক দুখন নাহৰকটীয়া আৰক্ষীয়ে জয়পুৰ বনাঞ্চলিক বিষয়াৰ হাতত গতাই দিয়ে ৷
মন কৰিবলগীয়া যে,বন বিভাগৰ অকৰ্মন্যতাৰ সুযোগ লৈ প্ৰায় ছামাহ পূৰ্বে জয়পুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত শুকানজুৰি বিট অফিচৰ নিচেই কাষৰে আমলক্ষী তল নামৰ এটা বৃহৎ অঞ্চলত চোৰাং কাঠ ব্যৱসায়ীয়ে প্ৰায় দহ জোপাকৈ বৃহৎ আকৃতিৰ পুৰণি হোলোং গছকে আদি কৰি বহু মূল্যৱান গছ কাটি টহিলং কৰিছিল । অৱশ্যে শুকানজুৰিৰ অসম-অৰুণাচল সীমান্তত অৱস্থিত অসম আৰক্ষীৰ বেটেলিয়েনৰ এটা কেম্পৰ চোকা দৃষ্টিৰ বাবে চোৰাং ব্যৱসায়ীয়ে নিব নোৱাৰি এৰি গৈছিল বৃহৎ আকাৰৰ অতিকে পুৰণি আৰু মূল্যৱান গছ সমূহৰ কাঠ ৷ পৰৱৰ্তী সময়ত এই কুণ্ডা বন বিভাগৰ অধীনত নিলাম হোৱাত ডিগবৈৰ আৱাদেশ চাহী নামৰ এজন কাঠ মিলৰ ব্যৱসায়ীয়ে ক্ৰয় কৰিছিল ৷
বৃহস্পতিবাৰে আৰক্ষীৰ দ্বাৰা কঢ়িয়াই নিয়া কাঠৰ কুণ্ডাসহ ট্ৰাক দুখন জব্দৰ খবৰ পোৱা মাত্ৰকে শুকুৰবাৰে পুৱা নাহৰকটীয়া আৰক্ষী চকীত উপস্থিত হয়হি জয়পুৰ বনাঞ্চলিক বিষয়া শৰৎ নেওগ । বনাঞ্চলিক বিষয়া শৰৎ নেওগে কুণ্ডাসমূহৰ বৈধ নঠিপত্ৰ থকাৰ কথা আৰক্ষীক অৱগত কৰিছিল যদিও সংবাদ মাধ্যমে এই বিষয়ে সবিশেষ জানিব বিচৰাত সেই স্থানৰ পৰা পলাই পত্ৰং দিয়ে জয়পুৰ বনাঞ্চলিক বিষয়া শৰৎ নেওগ ৷ যদিহে আৰক্ষীয়ে জব্দ কৰা কুণ্ডাসমূহৰ কোনো বৈধ নথিপত্ৰ আছিলেই,তেনেহলে সাংবাদিকৰ কেমেৰা দেখি এইগৰাকী বন বিষয়াই কিয় পলায়ন কৰিলে সেয়া ৰহস্যৰ আৱৰ্তত । ইতিমধ্যে সমগ্ৰ ঘটনাটোত আন কোনো ৰহস্য লুকাই থকাৰ সন্দেহ প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাহৰকটীয়া আঞ্চলিকৰ সভাপতি গৌৰাংগ গগৈয়ে ।
লগতে পঢ়ক : নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত উত্তাল প্ৰতিবাদ