ETV Bharat / state

খোৱাঙত বন বিভাগক অংগুষ্ঠ প্ৰদৰ্শন কৰি বালি মাফিয়াৰ দপদপনি - খোৱাং বন বিভাগ

খোৱাঙত বন বিভাগক অংগুষ্ঠ প্ৰদৰ্শন বালি মাফিয়াৰ ৷ নিশা বন বিভাগে খন্দা নলা পুতি অবৈধ বালি মহলত মাফিয়াই প্ৰৱেশ কৰালে গাড়ী ৷ বন বিভাগ, আৰক্ষী আৰু সাংবাদিকৰ উপস্থিতিত পলাই পত্ৰং দিয়ে বালি মাফিয়া ৷

মৰাণ
খোৱাঙত বন বিভাগক অংগুষ্ঠ প্ৰদৰ্শন কৰি বালি মাফিয়াৰ দপদপনি
author img

By

Published : Mar 6, 2020, 11:08 PM IST

মৰাণ, ৬ মাৰ্চঃ সংবাদ মাধ্যমত বুঢ়ীদিহিং নদীৰ অবৈধ বালি খননৰ বাতৰি পৰিৱেশন হোৱাৰ পাচতে বিশেষ তৎপৰতা দেখুৱাইছে খোৱাং আঞ্চলিক বন বিভাগে । ডিব্ৰুগড় জিলা খোৱাং দীঘলীয়া হোলা আৰু দীঘলীছিগাত দুটাকৈ অবৈধ বালি মহলৰ কথা সংবাদ মাধ্যমত পৰিৱেশন হোৱাৰ পিছতে বৃহস্পতিবাৰে সন্ধিয়া খোৱাং আঞ্চলিক বন বিষয়া ইকবাল আহমেদৰ নেতৃত্বত যোৱা এটা দলে অবৈধ বালি মহল দুটালৈ যোৱা পথত প্ৰকাণ্ড নলা খান্দি বালিৰ গাড়ী নিয়ন্ত্ৰণৰ চেষ্টা কৰে ।

কিন্তু বালি মাফিয়াই সেই চেষ্টাকো অংগুষ্ঠ প্ৰদৰ্শন কৰি শুকুৰবাৰে পুৱা দীঘলীয়া হোলাত বন বিভাগে খন্দা নলা জেচিবিৰে পুতি পুনৰ গাড়ী ভৰাই বালি খনন কৰে । আনহাতে, বিষয় সন্দৰ্ভত সাংবাদিক আৰু বন বিভাগে খবৰ লাভ কৰাৰ পাচতে শুকুৰবাৰে পুৱাই খোৱাং আৰক্ষী, বন বিভাগ আৰু সাংবাদিকৰ এটা দল গৈ উপস্থিত হয় বালি মহলটোত । দল কেইটা বালি মহলত উপস্থিত হোৱাৰ খবৰ লাভ কৰাৰ পাচতে তাৰ পৰা পলাই পত্ৰং দিয়ে বালি মাফিয়া ।

খোৱাঙত বন বিভাগক অংগুষ্ঠ প্ৰদৰ্শন কৰি বালি মাফিয়াৰ দপদপনি

উল্লেখ্য যে, শুকুৰবাৰৰ এই অভিযানত বন বিভাগৰ দলটোৰ নেতৃত্বত আহিছিল শান্তনু গগৈ । অভিযানৰ আগমুহূৰ্তত বন বিভাগৰ দলটোৱে দুখনকৈ বালি কঢ়িওৱা গাড়ী জব্দ কৰি নিজৰ জিম্মাত লৈ যায় । ইয়াৰে এখন গাড়ীৰ নম্বৰ হৈছে AS-06-BC-0966 । আনহাতে, দীঘলীছিগাত বালি মহললৈ যোৱা পথত বৃহস্পতিবাৰে ৰাতি নলা খান্দিবলৈ বন বিভাগ আৰু আৰক্ষী লোক প্ৰৱেশ কৰোতে কেইবাটাও বন্দুকৰ শব্দ শুনা পোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । যাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মাজত ৷

তাৰবিপৰীতে বন বিভাগৰ বিষয়াই সাংবাদিকক জানিবলৈ দিয়া অনুসৰি, বালি মহললৈ যাওঁত বাঘ দেখা পাইহে ফটকা ফুটাইছিল আৰক্ষীয়ে । মনকৰিলগীয়া যে খোৱাং অঞ্চলৰ এই অবৈধ বালি মহল কেইটাত ইয়াৰ পূৰ্বেও বন বিভাগে কেইবাৰো অভিযান চলাইছে আৰু কেইবাখনো বালি কঢ়িওৱা গাড়ী জব্দ কৰিছে । কিন্তু বালি খনন নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে বন বিভাগ । ৰাইজৰ অভিযোগ অনুসৰি বালি মাফিয়াৰে বন বিভাগৰ গোপন বুজা বুজি আছে সেয়ে বুঢ়ীদিহিং নদীৰ এই অবৈধ বালি খনন নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ ।

আৰু পঢ়কঃ অসম বাজেট 2020-21 : থোৰতে পথ যোগাযোগ আৰু যাতায়ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.