মৰাণ, ১৬ জুলাই : অবৈধ চুলাই ঘাটিবোৰ ক'ভিড সংক্ৰমণৰ আন এটা কাৰণ হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পাছতে অবৈধ সুৰাৰ ব্যৱসায় বন্ধ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) কঠোৰ নিৰ্দেশ দিছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ নাহৰকটীয়া আবকাৰী বিভাগৰ পৰিদৰ্শক ডিম্বেশ্বৰ ভট্টৰ নেতৃত্বত এটা দলে চাচনীৰ বিভিন্ন স্থানত অভিযান চলায় । অভিযানকাৰী দলটোৱে চাচনীৰ গটং গাঁও, টিংৰাই কৈৱৰ্ত, মেৰবিল আৰু হালোৱা গাঁৱত অভিযান চলাই কেইবাটাও চুলাই ঘাটি উৎখাত কৰে ।

আবকাৰী বিভাগে প্ৰায় ৬ টা স্থানত অভিযানত চলাই প্ৰায় ৩০০ লিটাৰ চুলাই নষ্ট কৰে । লগতে চুলাই তৈয়াৰ কৰা সামগ্ৰীও নষ্ট কৰে অভিযানকাৰী দলটোৱে । মেৰবিল আৰক্ষীৰ সহযোগত আবকাৰী বিভাগে চলাইছিল এই অভিযান। এই অভিযান কালতে কৈৱৰ্ত গাঁৱৰ পৰা আনন্দ দাস নামৰ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হয় ।
চুলাইৰ বিক্ৰী বন্ধ কৰিবলৈ বাৰম্বাৰ সকীয়াই দিয়াৰ পাছতো আবকাৰী বিভাগক কেৰেপ নকৰি চুলাইৰ ব্যৱসায় চলাই আছিল আনন্দ দাসে । সেয়ে, আবকাৰী বিভাগে বৃহস্পতিবাৰে আনন্দ দাসক গ্ৰেপ্তাৰ কৰে আৰু ডিব্ৰুগড় জিলা কাৰাগাৰলৈ (Dibrugarh district jail) প্ৰেৰণ কৰে ।

কেৱল নাহৰকটীয়াতেই নহয়, বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ সুৰা আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । লাখ লাখ টকাৰ সুৰা, ড্ৰাগছ আদি জব্দ হৈ এই অভিযানত । লগতে বহু অবৈধ ব্যৱসায়ীও আৰক্ষীৰ জালত পৰিছে । মুঠতে অসমত ড্ৰাগছ আৰু সুৰাৰ অবৈধ বেহা বন্ধ কৰাৰ বাবে উঠি-পৰি লাগিছে প্ৰশাসন ।

বৃহস্পতিবাৰৰ দিনটোত বিশ্বনাথ, কলিয়াবৰ আদি স্থানতো আৰক্ষীয়ে জব্দ কৰে বহু পৰিমাণৰ সুৰা । বিশ্বনাথত অবৈধ চুলাই ঘাটিও উচ্ছেদ কৰে আবকাৰী বিভাগে । আৰক্ষীৰ সহযোগত অবৈধ সুৰাৰ বেহা বন্ধ কৰাৰ অভিযানত নামি পৰিছে আবকাৰী বিভাগ । আনহাতে, গ্ৰামাঞ্চলত এই চুলাই ঘাটিসমূহত বহু লোকৰ আগমন ঘটে আৰু ইয়াৰ পৰা মহামাৰীৰ সংক্ৰমণ বৃদ্ধি হয় বুলি অভিযোগ উত্থাপিত হৈ আহিছে ।
লগতে পঢ়ক:মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত শিলচৰত কংগ্ৰেছৰ প্ৰতিবাদ