ETV Bharat / state

Amritpal Singh updates: ডিব্ৰুগড় কাৰাগাৰত অমৃতপাল সিঙক IBৰ জেৰা

author img

By

Published : Apr 26, 2023, 2:01 PM IST

ডিব্ৰুগড় কাৰাগাৰত অমৃতপাল সিঙক কেইবাঘন্টা ধৰি জেৰা IBৰ । 27 এপ্ৰিলত ডিব্ৰুগড়ত উপস্থিত হ'ব পঞ্জাৱৰ শিৰোমণি গুৰদ্বাৰা প্ৰৱন্ধক সমিতিৰ আইনী পৰামৰ্শদাতা দল (Dibrugarh central jail) ।

Dibrugarh central jail
ডিব্ৰুগড়ৰ কাৰাগাৰত IB

ডিব্ৰুগড়, ২৬ এপ্ৰিল: পঞ্জাৱ আৰক্ষীক প্ৰত্যাহ্বান জনাই আটক হোৱা ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙে এতিয়া ডিব্ৰুগড়ৰ কাৰাগাৰত অতিবাহিত কৰিছে সময় (Amritpal Singh in Dibrugarh central jail) । ৱাৰিছ পঞ্জাৱ দেৰ অমৃতপাল সিঙসহ আন 9 খালিস্তানী নেতা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত থকা বাবে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ ওপৰত দেশৰ শীৰ্ষ চোৰাংচোৱা সংস্থাৰ লগতে দেশৰ সচেতন ৰাইজৰ দৃষ্টি নিবদ্ধ হৈছে । দেওবাৰে পঞ্জাৱ আৰক্ষীয়ে অমৃতপাল সিঙক আটক কৰি ডিব্ৰুগড়লৈ অনাৰ পাচতেই ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ হৈ পৰিল আৰক্ষী, কমাণ্ডোৰ বিশেষ সেনা নিৰাপত্তাৰ দুৰ্গ । ইয়াৰ মাজতেই ডিব্ৰুগড় কাৰাগাৰৰ ১৩ নম্বৰ চেলত ইন্টেলিজেন্স ব্য়ুৰ'ৰ ৫ জনীয়া দল এটাই চলাইছে মাৰাথন জেৰা (IB interrogates Amritpal Singh) । আন খালিস্তানীক নেতাই যাতে অমৃতপাল সিঙক লগ ধৰিব নোৱাৰে তাৰ বাবে বিশেষ ব্য়ৱস্থা কৰা হৈছে ।

ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিঙে ৰাজ আতিথ্য লাভ কৰিলেও তীব্ৰ জেৰাৰ সন্মুখীন হ'বলগা হৈছে । অমৃতপাল সিঙৰ সৈতে ডিব্ৰুগড়লৈ অহা 16 জনীয়া পঞ্জাৱ আৰক্ষীৰ দলটোৱে ডিব্ৰুগড়ত বাহৰ পাতি প্ৰতি দিনেই অমৃতপাল সিঙসহ আন 9 খালিস্তানীক নেতাক তীব্ৰ জেৰা চলাইছে । ইয়াৰ মাজতেই মঙলবাৰে অমৃতপাল সিঙক কেইবাঘন্টা ধৰি জেৰা চলালে ইন্টালিজেন্স ব্য়ুৰ' চমুকৈ আই বিয়ে । জেৰা চলোৱাৰ কথা আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে যদিও জেৰাত কি তথ্য লাভ কৰিছে সেয়া জানিব পৰা হোৱা নাই । কিয়নো অমৃতপাল সিঙসহ আন সকলো খালিস্তানী নেতা সম্পৰ্কত সকলো তথ্য গোপনে ৰাখিছে (Amritpal Singh latest news) ।

ইপিনে, এক সূত্ৰ অনুসৰি অহা 27 এপ্ৰিলত ডিব্ৰুগড়ত উপস্থিত হ'ব পঞ্জাৱৰ শিৰোমণি গুৰুদ্বাৰা প্ৰৱন্ধক সমিতিৰ আইনী পৰামৰ্শদাতা দল । এই দলটোৱে অমৃতপাল সিঙক সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে । ডিব্ৰুগড়ৰ আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা অনুসৰি অমৃতপাল সিঙক ডিব্ৰুগড় কাৰাগাৰত এক সুকীয়া কোঠাত ৰখা হৈছে । যিটো কোঠা তেওঁৰ সহায়ক সকলৰ পৰাও বহু দুৰৈত (Isolated cell for Amritpal Singh )। তেওঁৰ স্বাস্থ্যৰ ওপৰতো কাৰাগাৰৰ চিকিৎসকে নিয়মীয়াকৈ নিৰীক্ষণ কৰি আছে । কাৰাগাৰত নিৰাপত্তা বেষ্টনী অধিক কটকটীয়া কৰাৰ লগতে ৬৯ টা চি চি কেমেৰা সংস্থাপন কৰিছে জেল কৰ্তৃপক্ষই । তদুপৰি ডিব্ৰুগড় কাৰাগাৰৰ বাহিৰতো সকলো ধৰণৰ আইন শৃংখলা পৰিস্থিতি ৰোধ কৰিবলৈ নিৰাপত্তা বৃদ্ধি কৰা হৈছে ।

লগতে পঢ়ক:Amritpal Singh latest news : সিংহৰ দৰে আত্মসমৰ্পণ কৰিছে অমৃতপালে: মাতৃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.