ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত নাহৰকটীয়াত মানৱ শৃংখল - গৌৰাংগ গগৈ

নাগৰিকত্ব সংশোধনী আইন বাতিলক কেন্দ্ৰ কৰি পুনৰ ৰাজ্যত আৰম্ভ হৈছে প্ৰতিবাদ ৷ শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাহৰকটীয়া আঞ্চলিক সমিতিয়ে আইনখন বাতিল কৰিবলৈ প্ৰদৰ্শন কৰে মানৱ শৃংখল ৷

Human chain in Naharkatiya demanding repeal of Citizenship Amendment Act dibrugarh assam etv bharat news
মানৱ শৃংখল প্ৰদৰ্শন
author img

By

Published : Aug 7, 2020, 4:16 PM IST

নাহৰকটীয়া,7 আগষ্ট: নাগৰিকত্ব সংশোধনী আইন বাতিলক কেন্দ্ৰ কৰি পুনৰ ৰাজ্যত আৰম্ভ হৈছে প্ৰতিবাদ ৷ বিতৰ্কিত উক্ত আইনখন বাতিল কৰিবলৈ শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাহৰকটীয়া আঞ্চলিক সমিতিয়ে প্ৰদৰ্শন কৰে মানৱ শৃংখল ৷ নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত আয়োজিত উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে শতাধিক লোকে ৷

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী

প্ৰতিবাদী কাৰ্যসূচীটোত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে মুখৰিত কৰে নাহৰকটীয়াৰ আকাশ-বতাহ ৷ প্ৰতিবাদস্থলীৰ পৰা সংগঠনটোৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ সভাপতি গৌৰাংগ গগৈয়ে শীঘ্ৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনখন বাতিল কৰিবলৈ দাবী জনাই চৰকাৰক ৷ অন্যথা পৰৱৰ্তী সময়ত এই আন্দোলন অধিক তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ নেতাসকলে ৷

লগতে চাওকঃ এতিয়াও জলমগ্ন ৰাজ্যৰ 10 খন জিলাৰ 158 গাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.