ETV Bharat / state

বৃহৎ পৰিমাণৰ নগদ ধনসহ আটক অভিযন্তা

author img

By

Published : Mar 16, 2021, 3:16 PM IST

নিৰ্বাচনৰ প্ৰাকক্ষণত মঙলবাৰে ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’ল ষ্টেচনৰ পৰা বৃহৎ পৰিমাণৰ ধনসহ এজন অভিযন্তাক আটক কৰিছে চিবিআই-য়ে ৷ ধৃত অভিযন্তাজন স্বপ্নদীপ গগৈ ৷

huge-amount-of-money-seized-at-banipur-railway-station-of-dibrugarh
বৃহৎ পৰিমাণৰ ধন সহ বানীপুৰ ষ্টেচনৰ পৰা আটক অভিযন্তা

ডিব্ৰুগড়,16 মাৰ্চ: নিৰ্বাচনৰ প্ৰাকক্ষণত ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’ল ষ্টেচনত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ চিবিআইৰ বিশেষ অভিযানত বৃহৎ পৰিমাণৰ নগদ ধনসহ আটক হৈছে স্বপ্নদীপ গগৈ নামৰ এজন অভিযন্তা ৷ অভিযন্তাজনৰ পৰা বহু লক্ষাধিক টকাসহ উকা চেক আৰু বহুসংখ্যক আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে চিবিআই-য়ে ৷

huge-amount-of-money-seized-at-banipur-railway-station-of-dibrugarh
বাণীপুৰ ষ্টেচনৰ পৰা আটক অভিযন্তা

জব্দ হোৱা ধনখিনিৰ পৰিমাণ প্ৰায় 80 লাখ টকা হ'ব ৷ অৱশ্যে ৰে’ল বিভাগে সবিশেষ তথ্য নজনালেও কিন্তু ঘটনাৰ সত্যাসত্য স্বীকাৰ কৰিছে ৷ উক্ত ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ অভিযন্তাজনৰ কাৰ্যালয় আৰু আৱাসগৃহতো তালাচী চলাইছে চিবিআই-য়ে ৷

লগতে পঢ়কঃ ধিঙত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ আজমলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.