মৰাণ,15 মে’ : অসমীয়া সাহিত্য আৰু সংবাদ জগতৰ মহীৰূহ হোমেন বৰগোহাঁঞি গুচি গ’ল ৷ প্ৰয়াত বৰগোহাঞি যে ঐতিহ্য ৰক্ষাৰ চেতনা সমৃদ্ধ ব্যক্তিত্বৰ এগৰাকী অধিকাৰী আছিল তাৰ স্বাক্ষৰ থাকি গ’ল অসম অৰুণাচল সীমান্তৰ ঐতিহাসিক জয়পুৰত ৷
উল্লেখ্য যে, খ্ৰীষ্টান মিছনেৰীসকলে শদিয়াত পদাৰ্পণ কৰাৰ পিচত তেওঁলোকৰ পৰৱৰ্তী লক্ষ্যস্থান হৈ পৰিছিল জয়পুৰ ৷ এই জয়পুৰতে ১৮৫২ চনত বৃটিছসকলে স্থাপন কৰিছিল এটি আটক ধুনীয়া চাঙ বাংলোৰ ৷
স্বাধীনতাৰ পৰৱৰ্তী কালচোৱাত এই বাংলোটোৰ ব্যৱহাৰ হয় বন বিভাগৰ পৰিদৰ্শন ভৱন হিচাপে ৷ ২০০৭ চনত মেৰামতিৰ অভাৱত জৰাজীৰ্ণ ৰূপলোৱা বাংলোটো ভাঙি তাৰ ঠাইত পকী ভৱন এটা নিৰ্মাণৰ দিশে আগবাঢ়িছিল ৰাজ্য চৰকাৰৰ বনবিভাগ ৷
সেই সময়তে, নাহৰকটীয়াৰ শিক্ষাবিদ জয়ানন্দ বৰুৱাৰ সৈতে জয়পুৰত উপস্থিত হৈ চাঙ বাংলোটো ভাঙি পেলোৱা হ’ব বুলি জানিব পাৰি ক্ৰোধিত হৈ পৰে হোমেন বৰগোহাঞি ৷ এই ঘটনাৰ প্ৰত্যক্ষদৰ্শী জয়ানন্দ বৰুৱাই সিদিনাৰ কথাখিনি স্মৰণ কৰি কয় ,সেইদিনা তদানীন্তন বনমন্ত্ৰী ৰকিবুল হুছেইনক চাঙ বাংলোৰ বাকৰিৰ পৰাই একপ্ৰকাৰ ধমকৰ সুৰত ফোন কৰি ইয়াৰ বিৰোধিতা কৰিছিল বৰগোহাঁঞিয়ে ৷
এনেদৰেই ৰক্ষা পৰিছিল, বৃটিছে নিৰ্মাণ কৰি থৈ যোৱা দৃষ্টিনন্দন চাঙ বাংলোটো ৷ তদানীন্তন বনমন্ত্ৰী ৰকিবুল হুছেইনৰ অধীনৰ বিভাগটোৱে হোমেন বৰগোহাঁঞিৰ কথা ৰাখি পূৰ্বৰ ৰূপ অক্ষুণ্ণ ৰাখি এটা বছৰৰ ভিতৰতে পুনঃনিৰ্মাণ কৰি দিছিল চাঙ বাংলোটো ৷
জাতীয় জীৱনৰ মহীৰূহ গৰাকী আজি নাই কিন্তু, জয়পুৰৰ বনবিভাগৰ দৃষ্টিনন্দন চাঙ বাংলোটো থাকে মানে সোঁৱৰাই থাকিব ঐতিহ্যৰ প্ৰতি সদা সংবেদনশীল, ৰুচিশীল মনৰ হোমেন বৰগোহাঁঞিৰ কথা ৷