মৰাণ, 24 মে' : ডিব্ৰুগড় জিলাৰ খোৱাং ঐতিহাসিক বুঢ়ীদিহিং মথাউৰিৰ কাষতে অৱস্থিত পৰিভ্ৰমী পখী বিচৰণৰ স্থলী বৰবিল আজি অস্থিত্ব সংকটত । খোৱাং আৰক্ষী থানাৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত অৱস্থিত বৰবিল বৰ্তমান ধ্বংসৰ গৰাহত ।
অভিযোগ অনুসৰি পৰ্যটনৰ বাবে সাম্ভাব্যস্থলী এই বৰবিলখন বন বিভাগে সংৰক্ষণত কোনো ধৰণৰ গুৰুত্ব নিদিয়াত কাষৰীয়া কিছু লোকে বিলৰ ভূমি দখল কৰি খেতি কৰিবলৈ আৰম্ভ কৰিছে ৷ ইয়াৰ ফলত পূৰ্বৰ দৰে এই বৰবিলত বিভিন্ন প্ৰজাতিৰ পক্ষী বিচৰণ কৰা দেখ নাযায় । বিলৰ পাৰত থকা গছ-গছনি সমূহো এতিয়া ধ্বংসৰ গৰাহত ৷
বিগত কেইবছৰ মান আগলৈকে বৰবিল খনৰ সুৰক্ষাৰ বাবে বন বিভাগৰ এটা কাৰ্যালয় আছিল যদিও বৰ্তমান সেই সকলো কাৰ্যালয়টোও জৰাজীৰ্ণ অৱস্থাত পৰি আছে ৷ চৰকাৰী বিষয়া সমূহে বৰবিলৰ ওপৰত গুৰুত্ব নিদিয়াৰ ফলত কম দিনৰ ভিতৰতে ঐতিহাসিক বৰবিল নিচিহ্ন হ'ব বুলিও এতিয়া বহুতে দাবী কৰিছে । ঐতিহাসিক বৰবিল সংৰক্ষণৰ বিষয়টো নতুন চৰকাৰক হস্তক্ষেপ কৰিবলৈ খোৱাঙৰ সচেতন ৰাইজে দাবী জনাইছে ।
লগতে পঢ়ক: অসমীয়া ছবি পৰিচালক দাৰা আহমেদ আৰু নাই