ETV Bharat / state

ক’ভিড চিকিৎসাত জড়িত অস্থায়ী কৰ্মচাৰীয়েও লাভ কৰিব ৫০ লাখ টকাৰ বীমাঃ হিমন্ত - ক’ভিড চিকিৎসাত জড়িত অস্থায়ী কৰ্মচাৰী

ডিব্ৰুগড়ত হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, কভিড ৰোগীৰ চিকিৎসাত জড়িত অস্থায়ী, ঠিকাভিত্তিক কৰ্মচাৰীয়েও লাভ কৰিব ৫০ লাখৰ অনাকাংক্ষিত মৃত্যুৰ পাছৰ বীমা ৷ তাৰ লগতে কৰ‘ণাৰ বিৰুদ্ধে মোকাবিলা কৰিব পৰাকৈ প্ৰস্তুত থাকিবলৈ জিলা প্ৰসাশনক প্ৰদান কৰে কেবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ ৷

হিমন্ত
হিমন্ত
author img

By

Published : Jul 19, 2020, 2:09 AM IST

Updated : Jul 19, 2020, 8:26 AM IST

ডিব্ৰুগড়, 19 জুলাইঃ ডিব্ৰুগড়ৰ কৰ’ণা ভাইৰাছৰ পৰিস্থিতিৰ বুজ ল’বলৈ শনিবাৰে জিলাখনত উপস্থিত হয় অসমৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ মন্ত্ৰী গৰাকী উপস্থিত হৈ পৰিস্থিতি সম্পৰ্কে পৰ্যালোচনা কৰে ৷ তাত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে, ক’ভিডৰ চিকিৎসাত জৰিত অস্থায়ী কৰ্মচাৰীয়েও লাভ কৰিব ৫০ লাখ টকাৰ বীমা ৷

ক’ভিডৰ চিকিৎসাত জৰিত অস্থায়ী কৰ্মচাৰীয়েও লাভ কৰিব ৫০ লাখ টকাৰ বীমা

স্থায়ী চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত চিকিৎসা সেৱা প্ৰদান কৰি থকা কালত মৃত্যু হ'লে ৫০ লাখ টকাৰ যি বীমা ঘোষণা কৰা হৈছিল সেই একেই পদ্ধতিৰে কভিড চিকিৎসাত জড়িত ঠিকা ভিত্তিক, অস্থায়ী কৰ্মচাৰীয়েও অনাকাংক্ষিতভাৱে মৃত্যুক সাৱতি ল'ব লগা হ'লে লাভ কৰিব ৫০ লাখ টকাৰ একেই বীমা ৷

মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু স্বাস্থ্য বিভাগৰ বিষয়ববীয়াৰ পৰা জিলাখনৰ ক'ভিড পৰিস্থিতিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে আগন্তুক সময়চোৱাত জিলাখনত অধিক সংখ্যাত ক’ভিড ৰোগী চিনাক্ত হোৱাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলাত একেলগে কেইবাশ বিচনাযুক্ত এক ক'ভিড কেয়াৰ চেণ্টাৰ গঢ়ি তোলাৰ দিশত ব্যৱস্থা গ্ৰহণৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰে ৷ সভাত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰেপিড এণ্টিজেন টেষ্ট আৰু আৰ টি পি চি আৰৰ জৰিয়তে ক'ভিড পৰীক্ষাৰ সংখ্যাও বৃদ্ধি কৰিবলৈ নিৰ্দেশ দি ডিব্ৰুগড় চহৰৰ পৌৰসভা এলেকাৰ বাবে অতিকমেও ১১ টা স্ক্ৰীনিঙ চেণ্টাৰ মুকলি কৰিবলৈ নিৰ্দেশ দিয়ে৷ ইয়াৰ উপৰিও বহুসংখ্যক লোক একেলগে থকা স্থান যেনে পুলিচ বেৰেক, কাৰাগাৰ আদি স্থানৰ লগতে নাৰ্ছিং হোম ষ্টাফৰো ক'ভিড পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ইয়াৰ বাবে প্ৰয়োজন সাপেক্ষে স্বাস্থ্য কৰ্মীসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক মন্ত্ৰীগৰাকীয়ে পৰামৰ্শ আগবঢ়ায় ৷

ডিব্ৰুগড়ৰ কৰ’ণা ভাইৰাছৰ পৰিস্থিতিৰ পৰ্যালোচনা

সমান্তৰালকৈ মন্ত্ৰীগৰাকীয়ে ক'ভিড আক্ৰান্ত কোনো লক্ষণবিহীন ৰোগীয়ে চৰকাৰে বান্ধি দিয়া নিয়ম মানি লৈ ঘৰত থকাৰ ইচ্ছা প্ৰকাশ কৰিলে তেওঁলোকক ঘৰতে চিকিৎসা সেৱা আগবঢ়োৱাত সুবিধা হোৱাকৈ এক অতি সক্ৰিয় টেলিমেডিচিন সেৱাৰ ব্যৱস্থা গঢ়ি তুলিবলৈও জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে৷

উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত আলোচনাত কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী যোগেন মহন, সাংসদ প্ৰদান বৰুৱা, বিধায়কসকল ক্ৰমে প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ , বিমল বৰা, নৰেন সোণোৱাল, তেৰছ গোৱালা, ৰণোজ পেগু, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, আৰক্ষী অধীক্ষক শ্ৰীজিৎ টি কে ধৰি প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে ৷

পিছত মন্ত্ৰীগৰাকীয়ে এ এম চি এইছত চিকিৎসকলৰে এক আলোচনাত মিলিত হৈ বৰ্তমান ক'ভিড চিকিৎসাৰ বাবে এ এম চি এইচত থকা সুবিধাৰ ওপৰিও অস্ত্ৰোপচাৰৰ সুবিধাসহিতে আন ১৫০ বিচনাযুক্ত এক সুকীয়া ভৱন এ এম চি এইচ চৌহদতে চিনাক্ত কৰিবলৈ নিৰ্দেশ দিয়ে ৷

লগতে পঢ়কঃ কোকৰাঝাৰ টিপকাইত উদ্ধাৰ হয় বহু অস্ত্ৰ-শস্ত্ৰ

Last Updated : Jul 19, 2020, 8:26 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.