ডিব্ৰুগড়,21 আগষ্টঃ ডিব্ৰুগড়ত হেৰ’ইনসহ আটক এজন লোক ৷ ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্ৰীজিৎ ট্ৰী সদৰ আৰক্ষী বিষয়া ৰাজীৱ শইকীয়াৰ নেতৃত্বত এক গোপন সূত্ৰৰ ভিত্তিত ডিব্ৰুগড় চহৰৰ লোহাৰপট্টীৰ পথাৰ লাইনত অভিযান চলাই জব্দ কৰে হেৰ’ইনখিনি ৷ জব্দকৃত হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় মূল্য প্ৰায় 30 লাখৰো অধিক বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, আৰক্ষীৰ দলটোৱে ইউনুচ খান নামৰ লোকজনৰ বাসগৃহত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় হেৰ’ইনখিনি ৷ আনহাতে, ধৃত ইউনুচ খানে নাজিৰ আলি নামৰ এজন লোকেহে দহ হেজাৰ টকা কমিচনৰ বিনিময়ত হেৰ’ইনখিনি ৰাখিবলৈ দিয়া বুলি সদৰি কৰিছে ৷ ইয়াৰ পূৰ্বেও ডিব্ৰুগড় চহৰত অভিযান চলাই আৰক্ষীয়ে বহুকেইজন লোকক আটক কৰিছে যদিও নিচাজাতীয় সামগ্ৰীৰ বজাৰ উৎখাত কৰিবলৈ সক্ষম হোৱা নাই ৷ ইয়াৰ পূৰ্বেও ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্ৰীজিৎ ট্ৰীৰ নেতৃত্বতে কেইবামাহ পূৰ্বে এক অভিযান চলাই প্ৰায় কোটি টকাৰ মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছিল ৷