মৰাণ, ২ এপ্ৰিল: বৃহস্পতিবাৰে নিশা প্ৰচণ্ড ধুমুহা বতাহে ডিব্ৰুগড় জিলাৰ মৰাণত বিস্তৰ ক্ষতি সাধন কৰি থৈ যায় । ঘটনাৰ বিৱৰণী অনুসৰি, জিলাখনৰ পূৱ ৰাজহ চক্ৰৰ অন্তৰ্গত হাটখোলা গাঁৱত নিশা অহা এজাক ধুমুহা বতাহে গাঁওখনৰ কেবাটাও বাসগৃহৰ লগতে ডিব্ৰুগড়ৰ ভিন্ন অঞ্চল ভাঙি বিস্তৰ ক্ষতি কৰে ।
জানিব পৰা মতে, ডিব্ৰুগড় হাটখোলাত কোনোমতে, পেট প্ৰৱৰ্তাই খোৱা সাধন দত্তৰ লগতে বহু কেইজনৰ ঘৰ ধুমুহাত সম্পূৰ্ণ ৰূপে ভাঙি-ছিঙি ধ্বংস হয় । কোনোমতে প্ৰাণ ৰক্ষা পৰে একাংশ লোকৰ । এতিয়া এইসকল লোকৰ বিপৰ্যয় অৱস্থা । কেনেকৈ চলিব এইসকল খাতি খোৱা লোক ।
এই ভুক্তভোগীৰ চৰকাৰলৈ এটাই আশা যে কোনোমতে তেওঁলোকৰ ঘৰটো মেৰামতি কৰি থকাৰ বাবে উপযোগী কৰি তুলিব লাগে । জিলা প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া সময়লৈ অপেক্ষা কৰিব লাগিব । বৰ্তমানেও বিছিন্ন হৈ আছে বিজুলী ব্যৱস্থা । বাট-পথত বিজুলী খুঁটাত প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত ব্যাহত হৈ পৰিছে বিজুলী সংযোগ ।
লগতে পঢ়ক:বঙাইগাঁৱত নিৰ্বাচনী ৰণডংকা বজালে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে