ETV Bharat / state

চাফাই কৰ্মীৰ প্ৰতিবাদত উত্তাল ডিব্ৰুগড়

কুম্ভমেলাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চাফাই কৰ্মী ভৰি ধুৱাই দিয়াৰ দৃশ্য হয়তো আপুনি দেখিছিল ৷ কিন্তু এইবাৰ এইখন অসমত নিজৰ প্ৰাপ্য আৰু অধিকাৰৰ পৰা বঞ্চিত চাফাই কৰ্মীয়ে ল’ব লগা হ’ল প্ৰতিবাদী কাৰ্যসূচী ৷

চাফাই কৰ্মীৰ প্ৰতিবাদত উত্তাল ডিব্ৰুগড়
author img

By

Published : Mar 28, 2019, 10:53 PM IST

ডিব্ৰুগড়, 28 মাৰ্চঃ ডিব্ৰুগড়ত প্ৰাপ্য বিচাৰি চাফাই কৰ্মীৰ আন্দোলন ৷ বৃহস্পতিবাৰে নিজৰ প্ৰাপ্য আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীত মুখ্যমন্ত্ৰীৰ গৃহ চহৰৰ ৰাজপথ উত্তাল কৰি তোলে চাফাই কৰ্মীসকলে ৷ উল্লেখ্য যে, 19 মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হোৱাৰ লগতে ডিব্ৰুগড় পৌৰসভাৰ পূৰ্বৰ 69 জন কৰ্মচাৰীক চাকৰি নিয়মীয়াকৰণ নকৰাকৈ গোপনে নতুন লোকক নিযুক্তি দিয়াৰ বিয়াগোম কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে ৷ অৱশেষত এনে শোষণ আৰু নিষ্পেষণৰ বিৰুদ্ধে চাফাই কৰ্মী সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি মোডীয়ে চাফাই কৰ্মীক ভৰি ধোৱা কাৰ্যক ভেকো-ভাওনা বুলি আখ্যা দিয়ে চাফাই কৰ্মীসকলে ৷ ইফালে , চৰকাৰ আৰু বিভাগে এইসকল কৰ্মীক অত্যাচাৰ চলোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কৰ্মীসকলে ৷ দুখীয়া বাবেই দীৰ্ঘদিন ধৰি অৱহেলিত আৰু বঞ্চিত হৈ থকা বুলি ক্ষোভ প্ৰকাশ কৰে চাফাই কৰ্মীসকলে ৷ এতিয়া প্ৰশ্ন হয় এইসকল চাফাই কৰ্মীৰ প্ৰতিবাদৰ ভাষা বুজিবলৈ সক্ষম হ’বনে ডিব্ৰুগড় পৌৰসভা কৰ্তৃপক্ষ ৷

A_dib_28mrch_safai_karmi_  _protest_ against_modi

Visual byte on mojo

:কোম্ভমেলাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাফাই কৰ্মচাৰীক ভৰি ধোৱাই আৰ্শীবাদ কামনা তথা সন্মান প্ৰদৰ্শন কৰাৰ সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ  সোনোৱালৰ গৃহ চহৰৰ চাফাই কৰ্মচাৰীৰ ৰাজপথত প্ৰাপ্য বিচাৰি আন্দোলন নিৰ্বাচনৰ প্ৰাক ক্ষণত।

১৯ মাহ ধৰি
নাই দৰমহা।ডিব্ৰুগড় পৌৰসভাৰ  পূৰ্বৰ 69 জন কৰ্মচাৰীক চাকৰি নিয়মীয়াকৰণ নকৰাকৈ গোপনে নতুন লোকক নিযুক্তিৰ বিয়াগোম কেলেংকাৰী।
বঞ্চিত অন্যান্য প্ৰাপ্যৰ পৰাও।
অৱশেষত এনে শোষণ,নিষ্পেষণৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল এই সকল চাফাই কৰ্মী।
মোডীৰ চাফাই কৰ্মীক ভৰি ধোৱা কাৰ্যক ভেকোভাওন আখ্যা  প্ৰতিবাদ স্থলীত।ডিব্ৰুগড় পৌৰসভাৰ অভিনেত্ৰী সোমা চক্ৰবৰ্ত্তী,
ৰামেশ্বৰ তেলী, প্ৰশান্ত ফুকনৰ ভূমিকাতো ক্ষুব্ধ চাফাই কৰ্মী সকল।
চাফাই কৰ্মীৰ এনে অৱস্থাক দুখজনক কলে চাফাই কৰ্মী। 
চৰকাৰ,বিভাগে চাফাই কৰ্মীক অত্যচাৰ চলোৱাৰ গুৰুত্বৰ অভিযোগ।দুখত ভাঙি পৰা কৰ্মচাৰীয়ে আক্ষেপেৰে ক'লে
আমি দুখীয়া কাৰণেই আমাৰ লগত এনে কৰা হয়, দুখীয়া কাৰণেই আমি অবহেলিত।

Byte:1,2,প্ৰতিবাদকাৰী

 ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ 
Etv Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.