ETV Bharat / state

৩১ ডিচেম্বৰৰ ভিতৰত PMAYৰ আধৰুৱা গৃহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ - ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী আৱাস যোজনা

ডিব্ৰুগড় জিলাত বৰবৰুৱা, জয়পুৰ, খোৱাং, লাহোৱাল, পানীতোলা টেঙাখাট আৰু টিংখাঙকে ধৰি সাতটা উন্নয়ন খণ্ডৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আধৰুৱা গৃহ সম্পূৰ্ণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে চৰকাৰে । টিংখাঙত সংবাদমেল অনুষ্ঠিত কৰি সদৰী কৰিলে ডিব্ৰুগড় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল কুমাৰ দাসে ।

Chief Executive Officer of Dibrugarh Zilla Parishad
ডিব্ৰুগড় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া
author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 10:02 PM IST

ডিব্ৰুগড় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া

ডিব্ৰুগড়, ৬ ডিচেম্বৰঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি সমূহ ৰূপায়ণ সম্পূৰ্ণ কৰাত অধিক তৎপৰ হৈছে ৰাজ্য চৰকাৰ । অহা ৩১ ডিচেম্বৰৰ ভিতৰত ডিব্ৰুগড় জিলাৰ ৬,৬৯০ টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আধৰুৱা গৃহ সম্পূৰ্ণ কৰিবলৈ চৰকাৰে কঠোৰ নিৰ্দেশ দিছে । আজি এক সংবাদমেলত এই বিষয়ে সদৰী কৰে ডিব্ৰুগড় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল কুমাৰ দাসে ।

টিংখাঙত আয়োজিত এক এখন সংবাদমেল ডিব্ৰুগড় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল কুমাৰ দাসে কয় যে চৰকাৰে জিলাখনৰ বৰবৰুৱা, জয়পুৰ, খোৱাং, লাহোৱাল, পানীতোলা টেঙাখাট আৰু টিংখাঙকে ধৰি সাতটা উন্নয়ন খণ্ডৰ মুঠ ৬৬৯০ টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আধৰুৱা গৃহ সম্পূৰ্ণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে । ইতিমধ্যে জিলাখনৰ এই সাতটা উন্নয়ন খণ্ডত সৰ্বমুঠ অনুমোদন লাভ কৰা ৪০,৬৩২ টা প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ ভিতৰত বৰ্তমান ৩৩,৯৪২ টা গৃহৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে । ইপিনে, বৰ্তমানেও ৬৬৯০ টা গৃহ সম্পূৰ্ণ কৰিবলৈ বাকী আছে । এই বাকী থকা গৃহ সমূহ অহা ৩১ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব বুলি বুধবাৰে টিংখাঙত এখন সংবাদমেল অনুষ্ঠিত কৰি সদৰী কৰে ডিব্ৰুগড় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল কুমাৰ দাসে ।

ইতিমধ্য হিতাধিকাৰীক গৃহ নিৰ্মাণৰ সকলো ধন মোকলাই দিয়া হৈছে বুলিও কয় বিষয়া গৰাকীয়ে । এই সংবাদমেলতেই জিলা উদ্যোগ আৰু বাণিজ্য বিষয়াগৰাকীয়ে কয় যে ছ্যু-কা-ফা দিৱসৰ লগত সংগতি ৰাখি টিংখাঙৰ গান্ধী ময়দানত অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত আৰু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ ডিব্ৰুগড়ৰ সহযোগত আধুনিক অসম, আত্মনিৰ্ভৰ অসমৰ অংশস্বৰূপে চৰকাৰীভাৱে অনুষ্ঠিত কৰা বিক্ৰী আৰু বাণিজ্য মেলাত ২০,৫১৪৬০ টকা বিক্ৰী কৰিবলৈ সক্ষম হয় ।

আজিৰ সংবাদমেলত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সঞ্চালক মৰগেন মেষ্টন, উপ-মুখ্য কাৰ্যবাহী বিষয়া অবিনাশ শইকীয়া, জিলা প্ৰকল্প সঞ্চালক কমলকান্ত গোৱালা আৰু টিংখাং উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া তাপশ্ৰী দেৱনাথ উপস্থিত থাকে ।

লগতে পঢ়ক:গুৱাহাটীৰ বাহিৰৰ ভূমিৰ নথিৰ জালিয়াতিৰ বাবেও গঠন হ’ব বিশেষ তদন্তকাৰী দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.