মৰাণ, 19 জুলাই : ভিন্নজনক ঠিকা দিয়াৰ নামত কোটি কোটি টকা লৈ প্ৰৱঞ্চনা কৰা মৰাণৰ মেৰাজ ৱাচিকুৰ ৰহমান অৱশেষত আৰক্ষীৰ জালত ৷ শনিবাৰে গুৱাহাটীৰ দিছপুৰ আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চকটো । দীৰ্ঘদিন ধৰি নিজৰ নাম সলনি কৰি বিভিন্নজনক প্ৰৱঞ্চনা কৰি আহিছিল মেৰাজ ৱাচিকুৰ ৰহমানে ৷ বহুতকে জ্যেষ্ঠ সাংবাদিক, ঠিকাদাৰ, মন্ত্ৰী-বিধায়কৰ ঘনিষ্ঠ বুলি পৰিচয় দি তেওঁ প্ৰৱঞ্চনা কৰি আহিছিল ।
অৱশেষত শনিবাৰে প্ৰৱঞ্চক ৰহমানৰ মুখা খোল খালে দিছপুৰ আৰক্ষীৰ জালত পৰাৰ পাছতে । গ্ৰেপ্তাৰৰ পিছত প্ৰৱঞ্চকজনৰ পৰা আৰক্ষীয়ে লাভ কৰিছে ভুৱা সাংবাদিকৰ পৰিচয় পত্ৰ ৷ বিজেপি দলৰ সদস্য পত্ৰৰ লগতে আন বহু ভুৱা পৰিচয় পত্ৰ উদ্ধাৰ কৰিলে আৰক্ষীয়ে ।
প্ৰৱঞ্চকজন আৰক্ষীৰ জালত পৰাৰ পাছতে গৃহ চহৰ মৰাণতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ।
কিয়নো প্ৰৱঞ্চকজনক মৰাণৰ এজন প্ৰতিষ্ঠিত ব্যক্তি হিচাপে ৰাইজে সন্মান যাঁচি আহিছিল ৷ বিগত বহু বছৰৰ পৰা তেওঁ ব্যক্তিগত নিৰাপত্তাৰক্ষী লগত লৈ সামাজিক কামে-কাজে জড়িত হৈ আছিল ৷ সমাজৰ এক বিশেষ ব্যক্তি হিচাপে মৰাণৰ ৰাইজৰ আগত পৰিচিত হৈ আহিছিল ধৃত ৰহমান ।
বৃহত্তৰ মৰাণ অঞ্চলত এজন ভদ্ৰ, অমায়িক ব্যক্তি হিচাপে আচৰণ কৰি আহিছিল ধৃত মেৰাজ ৱাচিকুৰ ৰহমানে । মৰাণৰ টেঙাদলং 2 নং সৰুপথাৰ নিবাসী ৰহমান এতিয়া প্ৰৱঞ্চক হিচাপে আৰক্ষীৰ জালত পৰাত মৰাণৰ ৰাইজ লজ্জিত হৈ পৰিছে । প্ৰৱঞ্চকজনৰ কাণ্ডবোৰে মৰাণত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক : সোনাইত বিধায়কৰ সৈতে প্ৰাক্তন বিধায়কৰ সংঘাট তুংগত