ETV Bharat / state

Ragging in Dibrugarh University: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত জড়িত তিনিটাক আটক; পলাতক ৰাহুল ছেত্ৰী - পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাস

আৱাসিক শিক্ষানুষ্ঠানত থকা এক প্ৰধান ব্যাধি হৈছে ৰেগিং (Ragging in Hostel) ৷ ৰেগিঙৰ বাবে আধাতে শিক্ষা জীৱনৰ ইতি পৰে বহু শিক্ষাৰ্থীৰ ৷ আন বহুতৰে আকৌ জীৱন কাঢ়ি নিয়ে ৰেগিঙে ৷ ডিব্ৰুগড়ত ৰেগিঙৰ বলি হৈ আই চি ইউত চিকিৎসাধীন হ’ব লগা হৈছে এজন ছাত্ৰ ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসত ৰেগিঙৰ প্ৰকোপ সহিব নোৱাৰি দুই মহলাৰ ওপৰৰ পৰা জপিয়ালে এজন ছাত্ৰই ৷

Ragging incident in PNGB hostel
Dibrugarh University students detained
author img

By

Published : Nov 28, 2022, 1:34 PM IST

ডিব্ৰুগড়, 28 নৱেম্বৰ: এক ভয়ানক কাণ্ডই জোঁকাৰি গৈছে উজনি অসমৰ উচ্চ শিক্ষাৰ ভেঁটি স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ক (Ragging incident at Dibrugarh University) ৷ উদণ্ড ছাত্ৰই কালিমা সানিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সোণালী ইতিহাসত । ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হৈছে ভয়ংকৰ ৰেগিঙৰ ঘটনা । এজন ছাত্ৰক ওৰে নিশা প্ৰহাৰ জ্যেষ্ঠ ছাত্ৰৰ । M.Com প্ৰথম ছেমিষ্টাৰৰ ছাত্ৰ আনন্দ শৰ্মা বৰ্তমান আদিত্য নাৰ্ছিং হোমৰ আই চি ইউত ভৰ্তি । আনন্দ শৰ্মা নামৰ মেধাৱী ছাত্ৰজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে (Ragging incident in PNGB hostel) ।

ছাত্ৰজনক পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসত ৰেগিঙৰ নামত ওৰে নিশা মাৰপিট কৰি হাত-ভৰি ভাঙি দিয়াৰ অভিযোগ আনন্দ শৰ্মাৰ মাতৃ আৰু ভগ্নীৰ । ছাত্ৰজনৰ দুয়োখন হাতৰ লগতে ভৰি আৰু কঁকাল ভাগি যোৱা বুলি পৰিয়ালক চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিছে । ওৰে নিশা ৰেগিঙৰ নামৰ মাৰপিট কৰি অভিযোগ নিদিবৰ বাবে মদৰ বটল, ভাং আদি হাতত দি জ্যেষ্ঠ ছাত্ৰ কেইজনে আনন্দৰ ফটো তুলি ৰখা বুলি পৰিয়ালে অভিযোগ তুলিছে (Dibrugarh University ragging news)।

ইয়াৰ পাছতে অসহায় ছাত্ৰজনে দুটা মহলাৰ ওপৰৰ পৰাই নিজৰ প্ৰাণৰক্ষা কৰিবলৈ জাঁপ দিয়ে । দেওবাৰে পুৱা ছাত্ৰজনক আদিত্য নাৰ্চিংহোমৰ আই চি ইউত ভৰ্তি কৰি পৰিয়ালক স্নানাগাৰত পৰি দুখ পোৱা বুলি হোষ্টেলৰ পৰা জানিবলৈ দিয়ে । মাতৃ আৰু ভগ্নী আহি আই চি ইউত সংকটজনক অৱস্থাত প্ৰত্যক্ষ কৰে ছাত্ৰজনক ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত জড়িত তিনিটাক আটক

আনহাতে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰৰ নাম ৰেগিঙৰ ঘটনাৰ সৈতে সাঙোৰ খাই পৰিছে । বিশ্ববিদ্যালয়ৰ পৰা ওলাই যোৱা ছাত্ৰজন কেনেকৈ নিশা হোষ্টেলত থাকি এনে কাৰ্যত লিপ্ত হ'বলৈ পালে বুলি প্ৰশ্ন উত্থাপন কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সভাপতি পাৰ্থ সাৰথি গগৈয়ে । ঘটনাৰ উচিত তদন্ত কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক দাবী জনাইছে ।

Ragging in Dibrugarh University
পলাতক ৰাহুল ছেত্ৰী

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই ৰেগিং কাণ্ডৰ লগত জড়িত তিনিজন ছাত্ৰক ইতিমধ্য আটক কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে (Dibrugarh University students detained)। দেওবাৰে নিশা PNGB হোষ্টেলৰ কোঠাই কোঠাই অভিযান চলাই আটক কৰে প্ৰাণজিৎ বৰুৱা, নিৰঞ্জন ঠাকুৰ আৰু সীমান্ত হাজৰিকাক । মূল অভিযুক্ত ৰাহুল চেত্ৰীৰ ঘৰতো অভিযান চলাইছে আৰক্ষীয়ে ৷ কিন্তু এই মুহূৰ্তলৈকে জালত পৰা নাই ৰাহুল । সমগ্ৰ বিষয়টোত আৰক্ষীক কঠোৰ হোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ।

আনন্দ শৰ্মা ইয়াৰ পূৰ্বে যোৰহাটৰ চি কে বি কলেজৰ ছাত্ৰ একতা সভাৰ উপ-সভাপতি আছিল । ইফালে এই ঘটনা সন্দৰ্ভত এতিয়াও কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । হোষ্টেলৰ কৰ্তৃপক্ষই বিষয়টো গাপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত এই ৰেগিঙৰ কাণ্ডই এতিয়াও জোঁকাৰি গৈছে সমগ্ৰ ৰাজ্য ।

লগতে পঢ়ক: Dibrugarh University: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ ভয়ানক পৰিণতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.