ETV Bharat / state

চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ স্থায়ী কাৰ্যালয়ৰ আধাৰশিলা স্থাপন - Foundation stone laying of permanent office of Sarideo district SP

ৰাজ্যত নতুনকৈ সংযোজন হোৱা চৰাইদেউ জিলাখনৰ প্ৰশাসনীয় কাম-কাজৰ বাবে চৰকাৰ তথা প্ৰশাসনে যুদ্ধংদেহী গতিৰে অব্যাহত ৰাখিছে প্ৰশাসনীয় ভৱন সমূহ নিৰ্মাণৰ কাম ৷ বুধবাৰে স্থাপন কৰা হয় জিলাখনৰ আৰক্ষী অধীক্ষকৰ স্থায়ী কাৰ্যালয়ৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা ৷

foundation-stone-laying-of-permanent-office-of-sarideo-district-sp
চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ স্থায়ী কাৰ্যালয়ৰ আধাৰশিলা স্থাপন
author img

By

Published : Aug 18, 2021, 9:16 PM IST

মৰাণ,18 আগষ্ট: নতুনকৈ গঠন হোৱা চৰাইদেউ জিলাখনৰ প্ৰশাসনীয় কাম কাজৰ বাবে সুবিধা হোৱাকৈ প্ৰশাসনীয় ভৱন সমূহ নিৰ্মাণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে চৰকাৰ তথা জিলা প্ৰশাসনে ৷ ইয়াৰ মাজতে বুধবাৰে শুভাৰম্ভ কৰা হয় চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ স্থায়ী কাৰ্যালয়ৰ নিৰ্মাণকাৰ্য ৷ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰি বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে এই নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে ৷

চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ স্থায়ী কাৰ্যালয়ৰ আধাৰশিলা স্থাপন

আৰক্ষী অধীক্ষকৰ স্থায়ী কাৰ্যালয়ৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰি সাংসদ তপন কুমাৰ গগৈয়ে কয় যে, এই আৰক্ষী অধীক্ষকৰ স্থায়ী কাৰ্যালয়ে আৰক্ষী আৰু ৰাইজৰ মাজত সমন্বয় স্থাপনৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ৷ লগতে কাৰ্যালয় নিৰ্মাণৰ বাবে চৰকাৰে 3 কোটি টকা দিয়া বুলিও উল্লেখ কৰে সাংসদ গৰাকীয়ে ৷ উক্ত আধাৰশিলা স্থাপন অনুষ্ঠানত চৰাইদেউ জিলা প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনৰ বিষয়া সকল উপস্থিত থাকে ৷

উল্লেখ্য যে,সোণাৰিৰ বানফেৰাত অনুষ্ঠিত হয় এই আধাৰশিলা স্থাপন কাৰ্যসূচী ৷

লগতে পঢ়কঃ নৰ্দমাৰ পানীৰ তলত এখন চৰকাৰী বিদ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.