ডিব্ৰুগড়, 26 নৱেম্বৰ: মঙলবাৰে পুৱাই দলীয় কাৰ্যসূচী উপলক্ষে ডিব্ৰুগড় আৰু ধেমাজিলৈ যোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বগীবিল দলঙৰ ওপৰত অতিবাহিত কৰিলে কিছু সময় ৷বগীবিল দলঙত উপস্থিত হৈয়ে ক্ষুৰধাৰ সমালোচনা বিজেপিক তৰুণ গগৈৰ ৷ ৰাজ্যত অব্যাহত থকা চোৰাং কাঠ,বালি,কয়লাকে আদি কৰি বিভিন্ন চিণ্ডিকেট ৰাজৰ দুই ৰজা আখ্যা দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক।ইফালে বিজেপি নেতৃত্বাধীন ডিব্ৰুগড় পৌৰসভা ভংগ আৰু পৌৰসভাৰ দুৰ্নীতিৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে কয়,আই এচ আই পি এচক গ্ৰেপ্তাৰ কৰিছে কিন্তু তেওঁলোকৰ দলৰ মানুহ হ'লে ধোঁৱা তুলসীৰ পাত । কংগ্ৰেছত থাকিলে চোৰ ডকাইত, বিজেপিত থাকিলে সত্যনাৰায়ণ ৷
বগীবিল দলঙত উপস্থিত হৈয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ক’লে এইটো মোৰ জীৱনৰ এটা স্মৰণীয় দিন ৷ কিন্তু বিজেপিয়ে কংগ্ৰেছে কৰা কামৰ ফলক বোৰ আঁতৰ কৰি যায় । কিন্তু মানুহে জানে আচল কথা । ৰাইজ ইমান অকৃতজ্ঞ নহয় । অৱশ্যে শেষৰ ফালে দলঙৰ কাম সম্পূৰ্ণ কৰাৰ বাবে বিজেপিক ধন্যবাদ দিয়া বুলিও মন্তব্য কৰে গগৈয়ে । দলং মুকলিৰ কাৰ্যসূচীত নিমন্ত্ৰণ নজনোৱা ৷ দলং নিৰ্মাণৰ সময়তে এবাৰ গগৈক পাৰ হ'বলৈ নিদিয়া বিষয় মনত পেলাই আক্ষেপেৰে সোঁৱৰিলে গগৈয়ে।
- লগতে চাওক-ভাৰতীয় সংবিধানৰ উৎসসমূহ