মৰাণ, ২৩ এপ্ৰিল: দেশৰ লগতে অসমতো ক'ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে এছ অ পি জাৰি কৰিছে । সন্ধিয়া ৬ বজাৰ লগে লগে সকলো দোকান-পোহাৰ আদি বন্ধ কৰিবলৈ চৰকাৰে কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে । ডিব্ৰুগড়তো সন্ধিয়া ৬ বজাৰ লগে লগে বন্ধ হৈ পৰে সকলো দোকান-পোহাৰ । কিন্তু ইয়াৰে গইনা লৈ একাংশ অসাধু ব্যৱসায়ীয়ে সামগ্ৰীৰ মূল্যবৃদ্ধি কৰা পৰিলক্ষিত হৈছিল । এই সন্দৰ্ভত শুকুৰবাৰে ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ কুমাৰ ঝাই খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াসকলৰ পৰা জিলাখনত বিভিন্ন খাদ্য সামগ্ৰী মজুত সৰ্ম্পকে বুজ লোৱাৰ উপৰিও খাদ্য সামগ্ৰীৰ মুল্যবৃদ্ধিৰ ক্ষেত্ৰত বিষয়াসকলক চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে ।
উপায়ুক্তগৰাকীৰ কঠোৰ নিৰ্দেশৰ পাচতে ডিব্ৰুগড় জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগে জিলাখনত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ নিৰ্ধাৰিত নিৰিখ নিৰ্ধাৰণ কৰি এক জাননী ৰাজহুৱা কৰিছে । লগতে সকলো ব্যৱসায়ীক সামগ্ৰীৰ মূল্যবৃদ্ধি নকৰিবলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক: চামগুৰিত চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ