ETV Bharat / state

মন্ত্ৰী যোগেন মহনৰ পাঁচ গৃহৰক্ষীক কোৱাৰেন্টাইনলৈ প্ৰেৰণ

author img

By

Published : Apr 28, 2020, 1:01 PM IST

Updated : Apr 28, 2020, 4:35 PM IST

দেওবাৰে পুৱাই 108 সেৱাৰ যোগেদি শিৱসাগৰ জিলাৰ ডিমৌস্থিত কোৱাৰেন্টাইন চেন্টাৰলৈ প্ৰেৰণ কৰা হয় পাঁচোগৰাকী গৃহৰক্ষী জোৱানক ৷ কিন্তু এই সমগ্ৰ ঘটনাক কিছু সংখ্যক কাকত আৰু ৱেব মিডিয়াই অপপ্ৰচাৰ কৰাৰ অভিযোগ কৰিছে মন্ত্ৰীজনে ৷

Five home guard of Minister Jugen Mohan sent to quarantine
ৰাজহ আৰু দুৰ্যোগ মন্ত্ৰী যোগেন মহনৰ পাঁচ গৃহৰক্ষীক কোৱাৰেন্টাইনলৈ প্ৰেৰণ

মৰাণ, 28 এপ্ৰিল: অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন (স্বতন্ত্ৰ) তথা গড়কাপ্তানী (সহযোগী) মন্ত্ৰী যোগেন মহনৰ পাঁচ গৃহৰক্ষীক কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা স্বাস্থ্য বিভাগৰ ৷ পাটসাঁকো ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডাঃ নিৰঞ্জন দাসৰ পৰা লাভ কৰা তথ্য অনুসৰি মন্ত্ৰী যোগেন মহনৰ নিৰাপত্তাৰ দায়িত্বত থকা গোলাঘাট জিলাৰ ঠগীৰাম বৰা (30) নামৰ গৃহৰক্ষী জোৱানজনে শনিবাৰে নিশা ঘৰৰ পৰা আহি কৰ্মত যোগদানৰ বাবে উপস্থিত হয় যদিও তেখেতক কৰ্মত যোগদান কৰিবলৈ দিয়া নহয় ৷ কিন্তু গৃহৰক্ষী জোৱানজনে ইতিমধ্যেই আন চাৰিজন নিৰাপত্তাৰক্ষীৰ সৈতেও সম্পৰ্ক স্থাপন কৰিছিল বুলি অৱগত হয় স্বাস্থ্য বিভাগ ৷ এই বিষয়ে অৱগত হোৱাৰ পাছতে তেওঁৰ সংস্পৰ্শলৈ অহা অমূল্য কলিতা(35), তিনিচুকীয়াৰ নীৰেণ মহন্ত (32), যোৰহাটৰ বিজয় ঠাকুৰ (52) আৰু ধুবুৰীৰ হৰিচৰণ বিশ্বাস(26)ক আৰক্ষীৰ সহযোগত শনিবাৰে নিশা মৰাণহাট আৰক্ষী থানাতে এটা কোঠাত ৰাখি থোৱা হয় ৷

ইয়াৰ পাছতে দেওবাৰে পুৱাই 108 সেৱাৰ যোগেদি শিৱসাগৰ জিলাৰ ডিমৌস্থিত কোৱাৰেন্টাইন চেন্টাৰলৈ প্ৰেৰণ কৰা হয় পাঁচোগৰাকী গৃহৰক্ষী জোৱানক ৷ কিন্তু এই সমগ্ৰ ঘটনাক কিছু সংখ্যক কাকত আৰু ৱেব মিডিয়াই অপপ্ৰচাৰ কৰাৰ অভিযোগ কৰিছে মন্ত্ৰীজনে ৷ উল্লেখ্য যে মন্ত্ৰী জনৰ দেহৰক্ষী কোৱাৰেন্টাইনলৈ যোৱা বুলি প্ৰচাৰ হৈছে যদিও কোনো দেহৰক্ষী কোৱাৰেন্টাইত নাই বুলি স্পষ্ট কৰিছে মন্ত্ৰী গৰাকীয়ে ৷ আনহাতে আৰক্ষী প্ৰশাসন তথা স্বাস্থ্য বিভাগে কোনো ধৰণৰ আগতীয়া জাননী লাভ নকৰাকৈ ৰেড জ’ন হিচাপে চিহ্নিত গোলাঘাট জিলাৰ পৰা এগৰাকী আৰক্ষী জোৱান গ্ৰীণ জ’নত প্ৰৱেশ কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে শংকিত হৈ পৰিছে জনসাধাৰণ ৷

লগতে পঢ়কঃ বিটিচিত ৰাজ্যপালৰ শাসনক আদৰণি ইউপিপিএলৰ

Last Updated : Apr 28, 2020, 4:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.