মৰাণ, 16 মে': ৰাজ্যৰ লগতে ডিব্ৰুগড়ৰ চাবুৱাতো দৈনিক বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ লগতে ক'ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৷ শেহতীয়াভাৱে চাবুৱাত 312 গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ লগতে 6 গৰাকী লোকে অকাল মৃত্যুক সাৱটি লোৱাৰ পাচতো যেন সজাগ নহয় একাংশ লোক ৷ কৰ'ণাৰ ভয়াৱহতাৰ মাজতো একাংশ লোকে ভংগ কৰি আহিছে ক'ভিড প্ৰট'কল ৷ বিশেষকৈ ৰহমৰীয়াৰ মৎস্য ব্যৱসায়ী সকলে দৈনিক ভংগ কৰি আহিছে চৰকাৰৰ সকলো নীতি নিয়ম ৷
উল্লেখ্যে যে, নিতৌ পুৱা ৰহমৰীয়াৰ একাংশ মৎস্য ব্যৱসায়ীয়ে কোনো সামাজিক দুৰত্ব নমনাকৈ বহু লোকৰ সমাগমৰ মাজেৰে ৰহমৰীয়া আৰক্ষী চকীৰ ওচৰতে চলাই আহিছে ব্যৱসায় ৷ জিলা প্ৰশাসনে জাৰি কৰা সকলো নাতি-নিয়ম ভংগ কৰাৰ পাচতো মাত্ৰ এক কিলোমিটাৰ নিলগত থকা ৰহমৰীয়া আৰক্ষী চকীৰ বিষয়ববীয়াৰ ঘটনাটো দৃষ্টিগোচৰ নোহোৱাত সন্দেহ প্ৰকাশ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম মটক ছাত্ৰ সন্থাই ৷
লগতে পঢ়ক: ৰঙিয়াৰ চেপ্তীত ক'ভিড আক্ৰান্তৰ আত্মহত্যা