ETV Bharat / state

ডিব্ৰুগড়ত গুলীচালনাৰ ঘটনা : আহত দুই - সঞ্জীৱনী নাৰ্চিঙহোম

ডিব্ৰুগড়ত গুলীচালনাৰ ঘটনা ৷ আহত অৰুণ ৰায় আৰু সুধীৰ ৰায় নামৰ দুগৰাকী ব্যক্তি ৷ ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্চিংহোমত চিকিৎসাধীন দুয়োগৰাকী ৷ ভৰিৰ পৰা উলিওৱা হৈছে গুলী আৰু স্প্লীনতাৰ সদৃশ কিছু বস্তু ৷ জন্মদিনৰ পাৰ্টী চলি থকা সময়তে সংঘটিত এই ঘটনা ৷

ডিব্ৰুগড়ত গুলীচালনাৰ ঘটনা : আহত দুই
author img

By

Published : Jun 24, 2019, 5:23 PM IST

ডিব্ৰুগড়, 24 জুন : ডিব্ৰুগড়ত গুলীচালনাৰ ঘটনা সংঘটিত ৷ ঘটনাটোত আহত হৈছে ঠিকাদাৰ অৰুণ ৰায় আৰু কৰ্মচাৰী সুধীৰ ৰায় নামৰ দুগৰাকী ব্যক্তি ৷ দুলীয়াজানৰ অৰুণ ৰায়ৰ নিজ বাসগৃহত পুৱতি নিশালৈ চলিছিল সুধীৰ ৰায়ৰ জন্মদিনৰ পাৰ্টী ৷ সেই সময়তে ৰহস্যজনকভাৱে সংঘটিত হয় গুলীচালনাৰ ঘটনা ৷ আহত অৰুণ ৰায় আৰু সুধীৰ ৰায়ক প্ৰথম অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্চিংহোমত ভৰ্তি কৰা হয় । সম্প্ৰতি ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্চিংহোমত চিকিৎসাধীন হৈ থকাৰ লগতে জৰুৰী অস্ত্ৰোপচাৰ কৰি দুয়োজনৰ ভৰিৰ পৰা গুলী আৰু স্প্লীনতাৰ সদৃশ কিছু বস্তু উলিওৱা হৈছে বুলি জানিবলৈ দিছে চিকিৎসকে ।

ডিব্ৰুগড়ত গুলীচালনাৰ ঘটনা : আহত দুই

ইফালে, অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই পুৱাই সঞ্জীৱনী নাৰ্চিংহোমত উপস্থিত হৈ বুজ লয় সমগ্ৰ ঘটনাৰ । অৱশ্যে, ডেংগী ৰোগৰ বাবেহে অৰুণ চিকিৎসাধীন হ'ব লগা হৈছে বুলি জনাইছে পৰিয়ালৰ লোকে ৷ আৰক্ষী আৰু পৰিয়ালৰ ভূমিকাই এতিয়া অধিক ৰহস্যময় কৰি তুলিছে সমগ্ৰ ঘটনা ৷

A_dib_801to807_Birthday party_gunfire_Duliajan_jesim

এক বাৰ্থদে পাৰ্তিৰ পাছতেই দুলীয়াজানত ৰহস্যজনক গুলীচালনা।ঠিকাদাৰ সহ আহত দুজন।আৰক্ষী,পৰিয়াল আৰু চিকিসক তিনিওৰে পৃথক মন্তব্য
  
:তৈল নগৰী দুলীয়াজানত চাঞ্চল্য।অভিযাত পৰিয়ালৰ বাৰ্থদে পাৰ্তিত পুৱতি নিশা গুলী চলাৰ সন্দেহ।

ডিব্ৰুগড়ৰ দুলীয়াজানত পুৱতিনিশা ৰহস্যজনক গুলীচালনাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।গুলীবিদ্ধ  ঠিকাদাৰ অৰুণ ৰাই আৰু কৰ্মচাৰী সুধীৰ ৰাই।
দুলীয়াজানৰ নিজ বাসগৃহত পুৱতি নিশালৈ চলিছিল জন্মদিনৰ পাৰ্টি।কৰ্মচাৰী সুধীৰ ৰায়ৰ আছিল জন্মদিন।প্ৰথম অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছিল যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্চিংহোমত ভৰ্তি কৰা হয়। সম্প্ৰতি ডিব্ৰুগড়ৰ সঞ্জীৱনি নাৰ্চিঙহোমত চিকিৎসাধীন হৈ থকাৰ লগতে জৰুৰী অস্ত্ৰোপচাৰ কৰি দুয়োজনৰ ভৰিৰ পৰা গুলী আৰু স্প্লিনতাৰ সদৃশ কিছু বস্তু  ওলিয়া বুলি জানিবলৈ দিছে চিকিসকে।

Byte: চিকিৎসক

ইফালে অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুব বৰা পুৱাই সঞ্জীৱনি নাৰ্চিঙহোমত উপস্থিত হৈ বুজ লয় সমগ্ৰ ঘটনাৰ।

Byte: আৰক্ষী 

সমগ্ৰ ঘটনা এতিয়াও অৱশ্যে গভীৰ ৰহস্যৰ মাজত থকাৰ লগতে আৰক্ষীয়ে সংবাদমাধ্যমক অবগত কৰা বিষয় আৰু চিকিসকে সাংবাদিকক জনোৱা দুয়োটা বিষয়ত প্ৰাথক্য দেখা গৈছে।চিকিৎসকৰ সূত্ৰে জনোৱা অনুসৰি অৰুণ আৰু সুধিৰ দুয়োজনৰে সোঁভৰিত বুলেটৰ আঘাত আছিল।দুয়োকে জৰুৰী অস্ত্ৰোপচাৰ কৰা হয় আৰু বৰ্তমান দুয়ো বিপদমুক্ত।

Byte:-চিকিৎসক।

আনহাতে,অৰুণ ৰাইৰ পৰিয়ালে  সমগ্ৰ ঘটনা, ডেংগী ৰোগৰ বাবেহে অৰুণ চিকিৎসাধীন হ'ব লগা হৈছে বুলি জনাইছে।

আৰক্ষী আৰু পৰিয়ালৰ ভূমিকাই এতিয়া অধিক ৰহস্য ঘন কৰি তুলিছে সমগ্ৰ ঘটনাটো।।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.