মৰাণ,5 মে’ঃ তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ আৰম্ভণিতে ৰাজ্যৰ ভিন্ন স্থানত সংঘটিত হৈছে সৰু-বৰ কেইবাটাও বিক্ষিপ্ত ঘটনা ৷ সোমবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰাণস্থিত আঞ্চলিক সমিতিৰ কাৰ্যালয়ত । নিশা প্ৰায় ১১ বজাত সংঘটিত এই অগ্নিকাণ্ডৰ ফলত কাৰ্যালয়ৰ বাৰাণ্ডাখনৰ একাংশ জুইত ভষ্মীভূত হয় । ঘটনাস্থলীলৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহে যদিও স্থানীয় লোকৰ তৎপৰতাত পূৰ্বে নিৰ্বাপিত হয় জুই ৷
ঘটনা সন্দৰ্ভত সংগঠনটোৰ একাংশ সদস্যই এজাহাৰ দাখিলৰ লগতে উপযুক্ত তদন্ত কৰি শীঘ্ৰে দুৰ্বৃত্তক আটক কৰিবলৈ আহ্বান জনাই মৰাণহাট আৰক্ষীক ৷ ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে, সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন জাৰি থকা অৱস্থাত কেনেকৈ দুৰ্বৃত্তই সংগঠনটোৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰিবলৈ সুবিধা পালে সেয়া ৰহস্যৰ আৱৰ্তত ৷
লগতে চাওকঃ ঘোষিত হ'ল ১০৪ সংখ্যক পুলিটজাৰ বঁটা, বঁটাপ্ৰাপকৰ তালিকাত তিনি ভাৰতীয়