ETV Bharat / state

বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ বিৰুদ্ধে ABVPৰ গোচৰ ৰুজু - চৰাইদেউ জিলাৰ উপায়ুক্তক লিখিত অভিযোগ

ইটোৰ পাচত সিটো বিতৰ্কত নাম সাঙুৰ খাইছে মৰাণ মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ নাম ৷ নিজ গৃহত শিশু শ্ৰমিক হিচাপে ৰখা এটি 12 বছৰীয়া শিশুক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগৰ পাচত এইবাৰ অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে মহাবিদ্যালয়ৰ কামত ব্য়াপক কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ ৷

fir-registered-by-abvp-against-controversial-principal-dr-mitali-konwar
বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ বিৰুদ্ধে ABVP ৰ গোচৰ ৰুজু
author img

By

Published : Jul 10, 2021, 8:18 PM IST

মৰাণ, 10 জুলাই: বিতৰ্কই লগ নেৰা হৈছে মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ মিতালী কোঁৱৰক ৷ শেহতীয়াকৈ অধ্যক্ষাগৰাকী মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰৱল প্ৰতিবাদৰ সন্মুখীন হোৱাৰ মাজতে শনিবাৰে অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(ABVP)ৰ একাংশ সদ্যই দাখিল কৰিছে এজাহাৰ ৷ মৰাণহাট আৰক্ষী থানাত এজাহাৰ(FIR) দাখিল কৰি অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসন তথা অসম চৰকাৰলৈ ছাত্ৰ সংগঠনটোৰ সদস্যসকলে আহ্বান জনাইছে ৷

বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ বিৰুদ্ধে ABVP ৰ গোচৰ ৰুজু

উল্লেখ্য যে, মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ মিতালী কোঁৱৰে নিজ গৃহত শিশু শ্ৰমিক হিচাপে ৰখা এটি 12 বছৰীয়া শিশুক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগত যোৱা বৰ্ষৰ চেপ্তেম্বৰত স্বামীসহ গ্ৰেপ্তাৰ হৈ মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা পদৰ পৰা নিলম্বন হৈছিল ৷ সেইগৰাকী বিতৰ্কিত অধ্যক্ষাই সোমবাৰে পুনৰ মহাবিদ্যালয়খনত যোগদান কৰিবলৈ অহাৰ পাচৰে পৰা মৰাণত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷

দুদিন পূৰ্বে মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত অধ্যক্ষাগৰাকীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ একাংশ কৰ্মীয়ে ৷ লগতে শুকুৰবাৰে মহাবিদ্যালয় চৌহদৰ পৰা অধ্যক্ষাগৰাকীক পহুখেদা দিছিল একাংশ প্ৰতিবাদী ছাত্ৰই ৷ যোৱা মঙলবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মৰাণ সমিতিয়ে এক সংবাদ মেল আয়োজন কৰি বিতৰ্কিত ড৹ মিতালী কোঁৱৰৰ কাৰ্যকালত মৰাণ কলেজত ব্যাপক দুৰ্নীতি তথা অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৷

FIR registered by ABVP against Dr Mitali Konwar
চৰাইদেউ জিলাৰ উপায়ুক্তক লিখিত অভিযোগ দাখিল

অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে চৰাইদেউ জিলাৰ উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰি লগতে বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰে মহাবিদ্যালয় খনত সংঘটিত কৰা দুৰ্নীতিৰ উচিত তদন্ত বিচাৰি মৰাণহাট আৰক্ষী থানাত সংগঠনটোক সদস্যসকলে এখন এজাহাৰ দাখিল কৰে ৷ ধন আৰু ৰাজনৈতিক শক্তিৰ প্ৰভাৱ থকা বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ বিৰুদ্ধে আৰক্ষী আৰু শিক্ষা বিভাগে তদন্ত কৰিবলৈ সাহস কৰে নে নাই সেইয়া সময়ত হে পৰিলক্ষিত হ'ব?

লগতে পঢ়কঃ বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ পুনঃযোগদানক লৈ তীব্ৰ চাঞ্চল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.