ETV Bharat / state

মৰাণত বংগভাষী উন্নয়ন পৰিষদৰ সদস্যৰ বিৰুদ্ধে এজাহাৰ - প্ৰদীপ সেন শৰ্মাই আদৰণি

অসমীয়া ভাষাক অপমান আৰু চৰকাৰী অশোক স্তম্ভক অপমান কৰাৰ অভিযোগ তুলি বুধবাৰে সদস্য জনৰ বিৰুদ্ধে মৰাণ থানাত আহোম জাতীয় গণমঞ্চকে ধৰি একাংশ দল সংগঠনে এজাহাৰ দাখিল কৰে । উল্লেখযোগ্য যে, বংগভাষী উন্নয়ন পৰিষদে আয়োজন কৰা উক্ত সাংস্কৃতিক অনুষ্ঠানলৈ মৰাণৰ কোনো দল সংগঠনক আমন্ত্ৰণ কৰা নাছিল।

FIR against member of Bangavashi unnayan parishad in Moran
মৰাণত বংগভাষী উন্নয়ন পৰিষদৰ সদস্যৰ বিৰুদ্ধে এজাহাৰ
author img

By

Published : Nov 11, 2020, 7:26 PM IST

মৰাণ,11 নৱেম্বৰঃ মৰাণৰ পূৰ্ণিমা হোটেলত দেওবাৰে অৰ্থাৎ ৮ নবেম্বৰ তাৰিখে অসম চৰকাৰৰ বংগভাষী উন্নয়ন পৰিষদৰ দ্বাৰা আয়োজিত এক সাংস্কৃতিক অনুষ্ঠানত মৰাণৰ একাংশ জাতীয় দল-সংগঠনৰে বংগভাষী উন্নয়ন পৰিষদৰ সদস্য প্ৰদীপ সেন শৰ্মাৰ বাক-বিতণ্ডাৰ সৃষ্টি হৈছিল। সদস্যজনে উক্ত দিনা অসমীয়া ভাষাক অপমান আৰু চৰকাৰী অশোক স্তম্ভক অপমান কৰাৰ অভিযোগ তুলি আজি সদস্য জনৰ বিৰুদ্ধে মৰাণ থানাত আহোম জাতীয় গণমঞ্চকে ধৰি একাংশ দল সংগঠনে এজাহাৰ দাখিল কৰে ।

উল্লেখযোগ্য যে বংগভাষী উন্নয়ন পৰিষদে আয়োজন কৰা উক্ত সাংস্কৃতিক অনুষ্ঠানলৈ মৰাণৰ কোনো দল সংগঠনক আমন্ত্ৰণ কৰা নাছিল। মৰাণৰ নিবাসী তথা এই বংগভাষী উন্নয়ন পৰিষদৰ সদস্য প্ৰদীপ সেন শৰ্মাক মৰাণৰ একাংশ দল-সংগঠনে কি অনুষ্ঠান আয়োজন কৰিছে তাক জানিব বিচৰাত প্ৰদীপ সেন শৰ্মাই আদৰণি তোৰণত থকা অশোক স্তম্ভটোলৈ আঙুলিয়াই দম্ভ মাৰি "এইয়া চৰকাৰী অনুষ্ঠান তোমালোকে নাজানা নেকি" বুলি ইতিকিং সুৰত কৈ জাতীয় সংগঠনৰ এজন সদস্যক দু-ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে মৰাণৰ খিলঞ্জীয়া দল-সংগঠনে ।

এই অভিযোগৰ ভিত্তিতেই বুধাবাৰে টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ, আহোম জাতীয় গণ মঞ্চ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যৌথভাৱে মৰাণ আৰক্ষী থানাত ব্যক্তিজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আবেদন জনোৱাৰ লগতে আহোম জাতীয় গণমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সহঃসম্পাদক অকণ ভূঞাই প্ৰদীপ সেন শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ।

লগতে পঢ়কঃ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.