ETV Bharat / state

Farmers now busy in Paddy field : ডিব্ৰুগড়ত শাওনৰ পথাৰত ব্যস্ততা বাঢ়িছে চহা কৃষকৰ - সোণগুটি ৰোৱাত ব্যস্ত

বানে ধুই যোৱা ডিব্ৰুগড়ৰ শাওনৰ পথাৰত ব্যস্ততা বাঢ়িছে চহা কৃষকৰ ৷ জাক জাক ৰোৱনীৰে ভৰিছে পথাৰ ৷ কাৰো যেন মূৰ তুলিবলৈয়ো আহৰি নাই ৷ সোণগুটি ৰোৱাত ব্যস্ত সকলো ৷

Farmers now busy in Paddy field in Dibrugarh
শাওনৰ পথাৰত ব্যস্ততা বাঢ়িছে চহা কৃষকৰ
author img

By

Published : Jul 29, 2023, 2:26 PM IST

Updated : Jul 29, 2023, 2:35 PM IST

শাওনৰ পথাৰত ব্যস্ততা বাঢ়িছে চহা কৃষকৰ

ডিব্ৰুগড়, 29 জুলাই : এতিয়া শাওন মাহ । ধৰাৰ উজ্জীৱিত বুকুত পথাৰ সেউজীয়া কৰা সময় এয়া । ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ সমান্তৰালকৈ ডিব্ৰুগড়ৰ পথাৰতো বাঢ়িছে কৃষকৰ ব্যস্ততা । কিছু দিন পূৰ্বে হোৱা বানপানীৰ পাচতে এতিয়া পুনৰ কৃষক ৰাইজ ব্যস্ত হৈ পৰিছে পথাৰত । বানে ধুই যোৱা ডিব্ৰুগড়ৰ পথাৰসমূহত এতিয়া কৃষক ৰোৱনীৰ ব্যস্ততাৰ অন্ত নাই ।

বিশেষকৈ জিলাখনৰ মৰাণ সমষ্টিৰ বহু সংখ্যক গাঁও বানৰ কবলত পৰিছিল । পানী কমি যোৱাৰ পাচতে কৃষকৰ ঘৰে ঘৰে আৰম্ভ হৈছে ন-ভূঁ‌ই ৰোৱাৰ পৰ্ব । জিলাখনৰ বিভিন্ন প্ৰান্তৰ দৰে খোৱাং খলিহামাৰী গাঁৱত ব্যস্ত হৈ পৰিছে কৃষক ৰাইজ । জাক জাক ৰোৱনীৰে ভৰিছে পথাৰ । চলিছে ন-ভূঁ‌ই ৰোৱা আৰু হাউৰি লোৱাৰ পৰ্ব ।

আঘোণৰ সোণোৱালী পথাৰখনৰ সপোন দেখি কৃষক ৰাইজ নামি পৰিছে খেতি পথাৰত । পথাৰত এতিয়া ভূঁ‌ই ৰোৱাত ব্যস্ত ৰোৱনীসকল । পৰম্পৰাগত ৰীতি-নীতিৰে আৰম্ভ হৈছে ন-ভূঁ‌ই ৰোৱা পৰ্ব । পুৰুষ সকলো গৰু হাল লৈ নামি পৰিছে দ-পথাৰত । মুঠৰ ওপৰত ব্যস্ততাৰ অন্ত নাই খোৱাং খলিহামাৰী গাঁৱৰ কৃষকসকলৰ ।

বিধ বিধ ধানৰ কঁঠিয়া ৰুই আনন্দত মতলীয়া ৰোৱনীসকল । যান্ত্ৰিকতাৰ কৰাল গ্ৰাসত পৰি গৰু হাল ক্ৰমাৎ নোহোৱা হৈছে । নোহোৱা হৈ গৈছে গৰু, নাঙল, জুৱলি পথাৰৰ পৰা । তাৰ ঠাইত টেক্টৰৰ বহুল ব্যৱহাৰে কৃষক ৰাইজে কৰিছে ।

তথাপিও সময়ৰ সৈতে খোজ মিলাই খেতিত ব্যস্ত হৈছে কৃষকসকল । এক কথাত ক’বলৈ গ’লে পথাৰ সেউজীয়া কৰাৰ অঘোষিত প্ৰতিযোগিতাত এতিয়া ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰৰ কৃষিজীৱী ৰাইজ ।

লগতে পঢ়ক : Example Of Self reliance: চাইকেল মেৰামতিৰে স্ব-নির্ভৰশীলতাৰ নিদৰ্শন বিশেষভাৱে সক্ষম আবুৰ

Last Updated : Jul 29, 2023, 2:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.