মৰাণ, 31 অক্টোবৰ : শাওনৰ বোকাময় পথাৰৰ ব্যস্ততা অন্ত পৰাৰ পাচত এইবাৰ কৃষক ৰাইজ ব্যস্ত হৈছে সোণগুটি চপোৱাত । কাতি বিহুৰ পাচৰে পৰা পথাৰত ধান দাবলৈ নামিছে গাঁৱৰ জীয়ৰী-বোৱাৰী । কৰ'ণা আতংকৰ লগতে ধাৰাসাৰ বৰষুণে এইবাৰ মৰাণৰ পথাৰৰ পৰিবেশ সুকীয়া কৰি তুলিছে । ইয়াৰ ওপৰিও দুবাৰকৈ অহা বানে মৰাণৰ বহু পথাৰ উদং কৰি থৈ গ'ল । শেহতীয়াকৈ হোৱা বৰষুণৰ বাবে এতিয়াও বহু পথাৰত আছে বোকা পানী । দাৱনী সকলে কষ্টৰে কাটিব লগা হৈছে ধান । পথাৰৰ পৰা ধান আনিও পুনৰ ৰ'দত শুকুৱাই ভঁৰালত ভৰাব লগা হৈছে এইবাৰ ।
তথাপিও মৰাণৰ একাংশ কৃষক আগতিয়াকৈ পকা ধান কটাত ব্যস্ত হৈ পৰা সময়ত পানীৰ বাবে ধান খেতি কৰিব নোৱাৰা কৃষকে এতিয়া ৰবি শস্যৰ খেতিত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে । মুঠতে মৰাণৰ কৃষকৰ ব্যস্ততাৰ সীমা নাই । কিন্তু মৰাণ সমষ্টিৰ লৰুৱা মৌজাৰ ৰাইজে বানৰ বাবে শালি খেতি কৰিব নোৱাৰাত বহু পৰিয়ালৰ বাবে এটা ডাঙৰ সমস্যা আৰম্ভ হৈছে । কাৰণ বহু কৃষকে ধান চাউল বিক্ৰী কৰিয়ে পৰিয়াল পোহপাল দিছিল । ফলত সেই কৃষক সকলৰ এতিয়া পৰিয়াল চলোৱাৰ পথ বন্ধ হৈ পৰিল । তথাপিও সমস্যাই জুৰুলা কৰা মৰাণৰ কৃষকে অতি হেঁপাহেৰে চপাইছে কষ্টৰ ফচল ।
লগতে পঢ়ক : ডিফুত চৰ্দাৰ বল্লভ ভাই পেটেলৰ সোঁৱৰণত বিজেপিৰ একতাৰ দৌৰ