ETV Bharat / state

সুৰাৰ হোম ডেলিভাৰী হ’লেও অবৈধ সুৰাৰ বিৰুদ্ধে তৎপৰ হৈ ৰ’ব আবকাৰী বিভাগ

author img

By

Published : Jul 20, 2021, 8:05 AM IST

শেহতীয়াকৈ, ঘৰে ঘৰে সুৰা যোগান (home delivery of liqueur) ধৰাৰ সুবিধা কৰি দিছিল ৰাজ্য চৰকাৰে ৷ কিন্তু, একে সময়তে ৰাজ্য চৰকাৰ তথা প্ৰশাসন তৎপৰ হৈছে সুৰাৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে ৷

excise department will keep eye on illegal liquor trading when assam state government has decided to permit home delivery of it
সুৰাৰ হোম ডেলিভাৰী হ’লেও অবৈধ সুৰাৰ বিৰুদ্ধে তৎপৰ হৈ ৰ’ব আবকাৰী বিভাগ

মৰাণ, 20 জুলাই : ৰাজ্যৰ শাসনত অধিস্থিত চৰকাৰখনে ঘৰে ঘৰে সুৰা যোগান ধৰাৰ সুবিধা কৰি দিছে ৷ একে সময়তে চৰকাৰখন ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা অবৈধ সুৰাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৷ ইতিমধ্যে আবকাৰী বিভাগ আৰু আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই প্ৰায় প্ৰতিদিনে জব্দ কৰিবলৈ সক্ষম হৈছে অবৈধ সুৰা । সোমবাৰে, ডিব্ৰুগড়ত উপস্থিত হৈ অসম চৰকাৰৰ আবকাৰী বিভাগৰ প্ৰধান সচিব (chief secretary of excise department Assam) ৰাজেশ প্ৰসাদে অবৈধ সুৰাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছে আবকাৰী বিভাগ আৰু আৰক্ষীক ।

excise department will keep eye on illegal liquor trading when assam state government has decided to permit home delivery of it
ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ত হোৱা বিশেষ বৈঠক

ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যালয়(dc office dibrugarh)ৰ সভাকক্ষত অসম চৰকাৰৰ আবকাৰী বিভাগৰ প্ৰধান সচিব গৰাকী এখন বৈঠকত মিলিত হয় ৷ তেওঁৰ সভাপতিত্বত হোৱা এই বৈঠকত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া, যোৰহাট আৰু চৰাইদেউ জিলাৰ আবকাৰী বিভাগৰ বিষয়া সকল উপস্থিত থাকে । তাৎপৰ্যপূৰ্ণ সভাখনত আবকাৰী বিভাগৰ প্ৰধান সচিব ৰাজেশ প্ৰসাদে অবৈধ সুৰা (illegal liqueur) অথবা চুলাই জাতীয় সামগ্ৰীৰ বিক্ৰী, ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিবলৈ আবকাৰী বিষয়া সকলক নিৰ্দেশ প্ৰদান কৰে ৷

সুৰাৰ অবৈধ সৰবৰাহ (liqueur peddling)ৰ বিপক্ষে জিলা প্ৰশাসন তথা আবকাৰী বিভাগক বিশেষ গুৰুত্ব প্ৰদান কৰাৰ লগতে ইয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে বিষয়াগৰাকীয়ে । চৰকাৰ তথা প্ৰশাসনৰ এই তৎপৰতাৰ বাবে ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্তত সক্ৰিয় হৈ থকা এই ধৰণৰ ব্যৱসায়ৰ সৈতে জড়িত সকল এতিয়া শলঠেকত পৰিব বুলি অনুমান কৰিছে সচেতন মহলে ৷

লগতে পঢ়ক : জ্যেষ্ঠ IPS বিষয়া অনুৰাগ টাংখাৰ দেহাৱসানজ্যেষ্ঠ IPS বিষয়া অনুৰাগ টাংখাৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.