মৰাণ,২১ এপ্ৰিল: অৱশেষত পিছুৱাই দিয়া হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ চূড়ান্ত পৰীক্ষা । শিক্ষাৰ্থীসকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই কৰ্তৃপক্ষই বুধবাৰে এক জাননীযোগে পৰীক্ষা বাতিলৰ ঘোষণা কৰে ।
উল্লেখ্য যে, কৰ'ণাৰ এনে পৰিস্থিতিৰ মাজতো ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অফলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ যো-জা চলাইছিল । কিন্তু শিক্ষাৰ্থীসকলে ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল । আনকি এই বিষয়ত মঙলবাৰে বিশ্ববিদ্যালয় প্ৰশাসন আৰু ছাত্ৰ একতা সভাৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল ।
অৱশেষত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক জাননীৰ জৰিয়তে স্নাতক আৰু স্নাতকোত্তৰ দুয়োটা মহলাৰ পৰীক্ষা সাময়িকভাৱে স্থগিত ৰাখে । পৰৱৰ্তী ঘোষণা নোহোৱালৈ দুয়োটা পৰ্যায়ৰ চূড়ান্ত পৰীক্ষা পিছুৱাই দিয়া বুলি উল্লেখ কৰা হয় এই জাননীত ।
লগতে পঢ়ক:বৰঝাৰৰ বিমান বন্দৰত ক'ভিড-19 ৰ প্ৰভাৱ