ETV Bharat / state

Press Meet of ex ULFA : গ্ৰেপ্তাৰ আলফাক আত্মসমৰ্পণৰ সুযোগ প্ৰদানৰ দাবী - গ্ৰেপ্তাৰ আলফাক আত্মসমৰ্পণৰ সুযোগ প্ৰদানৰ দাবী

ডিব্ৰুগড়ত সংবাদমেলত আসাম ৰাইফলছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ প্ৰাক্তন আলফা (স্বা) সমন্বয়ৰক্ষী সমিতিৰ । অৰুণাচলত গ্ৰেপ্তাৰ আলফাৰ (স্বা) সদস্যক আত্মসমৰ্পণৰ সুযোগৰ দাবী প্ৰাক্তন আলফা (স্বা) সমন্বয়ৰক্ষী সমিতিৰ ।

ex ulfa Coordination Committee
প্ৰাক্তন আলফা (স্বা) সমন্বয়ৰক্ষী সমিতি
author img

By

Published : Jul 17, 2023, 2:21 PM IST

প্ৰাক্তন আলফা (স্বা) সমন্বয়ৰক্ষী সমিতি

মৰাণ, ১৭ জুলাই: আলফা স্বাধীন আৰু চৰকাৰৰ মাজত আলোচনাৰ বিষয়টো কোনো ধৰণৰ আগনবঢ়াৰ পাছতে ৰাজ্যত পুনৰ আলফাই আৰম্ভ কৰিছে সাংগঠনিক কাম কাজ । উজনিত সদস্য ভৰ্তিৰ লগতে ব্যাপক ধন সংগ্ৰহত ব্যস্ত হৈ পৰিছে আলফা স্বাধীন । ইয়াৰ মাজতে দেওবাৰে ডিব্ৰুগড়ত সংবাদমেল অনুষ্ঠিত কৰিলে প্ৰাক্তন আলফা (স্বা) সমন্বয়ৰক্ষী সমিতিয়ে । চৌকিডিঙ্গিৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত সংবাদমেলত অৰুণাচলত নাটকীয়ভাৱে গ্ৰেপ্তাৰ হোৱা আলফাৰ (স্বা) সদস্য সকলক আত্মসমৰ্পণৰ সুযোগ প্ৰদান কৰিবলৈ দাবী জনাইছে ।

আলফা (স্বা) সমন্বয়ৰক্ষী সমিতিয়ে আসাম ৰাইফলছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয়, ''বিভিন্ন কাৰণত আত্মসমৰ্পণ কৰিবলৈ অহা আলফাৰ সদস্য সকলক আসাম ৰাইফলছে নিজৰ গুৰুত্ব বৃদ্ধি কৰিবলৈ গ্ৰেপ্তাৰ কৰা বুলি দেখুৱাই। যাৰ ফলত এতিয়া আইনী যুঁজ দিবলৈ গৈ আলফাৰ সদস্যই নিজৰ মাটি সম্পত্তি বিক্ৰী কৰিব লগা হৈছে ।" আলফা (স্বা) সমন্বয়ৰক্ষী সমিতিয়ে লগতে প্ৰাক্তন আলফা (স্বা)ৰ বিৰুদ্ধে চলি থকা গোচৰসমূহ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক দাবী জনাইছে ।

আনহাতে, প্ৰাক্তন আলফাৰ সদস্য সকলক নিয়োগৰ সুবিধা দিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে আলফা (স্বা) সমন্বয়ৰক্ষী সমিতিয়ে । অইল ইণ্ডিয়া লিমিটেড আৰু অ' এন জি চিত খালী হৈ থকা পদসমূহত প্ৰাক্তন আলফাৰ (স্বা) সদস্য সকলক নিযুক্তিত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ দাবী জনাইছে । সেইদৰে অসমৰ বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহত প্ৰাক্তন আলফাৰ (স্বা) সদস্য সকলক নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। প্ৰাক্তন আলফাৰ বিভিন্ন বিষয় সমূহ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰা বাবে সময় বিচাৰি ডিব্ৰুগড় জিলা উপায়ুক্তৰ জড়িয়তে স্মাৰকপত্ৰ প্ৰদান কৰা কথাও সদৰি কৰিছে প্ৰাক্তন আলফা (স্বা) সমন্বয়ৰক্ষী সমিতিয়ে । সংবাদমেলত প্ৰাক্তন আলফা (স্বা) সমন্বয়ৰক্ষী সমিতিৰ সভাপতি উন্নত অসম, সাধাৰণ সম্পাদক হিৰণ্য মৰাণ অসম উপস্থিত থাকে ।

লগতে পঢ়ক:Constituency Delimitation: আঙুলিৰ ঠাৰত কোনে, কিয় নাচিছে ; কি ক’লে অখিল গগৈয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.