ETV Bharat / state

বিধায়কৰ ৰূপত চাবুৱাত সৰ্বানন্দ সোণোৱাল - এছক’ৰ্ট

নিৰ্বাচনৰ ফলাফলৰ পাচত প্ৰথমবাৰৰ বাবে গৃহ চহৰ চাবুৱাত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ আপোন গাওঁবাসীৰ সৈতে কথা হ'ল কুকৈ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক সততাৰে কাম কৰি যাবলৈ আহ্বান জ্যেষ্ঠ ভাতৃৰ ৷

নিৰ্বাচনৰ ফলাফলৰ পাচত প্ৰথমবাৰৰ বাবে গৃহ চহৰত উপস্থিত সৰ্বানন্দ সোণোৱাল

author img

By

Published : May 18, 2021, 4:49 PM IST

Updated : May 18, 2021, 4:58 PM IST

মৰাণ, 18 মে’: নিৰ্বাচনৰ ফলাফলৰ পাচত পোন প্ৰথমবাৰৰ বাবে সোমবাৰে গৃহ চহৰ চাবুৱাৰ বিন্ধাকটাস্থিত মুলুক গাঁৱৰ আপোন ঘৰখনত উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মুখ্যমন্ত্ৰী ৰূপত নহয় এজন সাধাৰণ বিধায়ক হিচাপে বাসগৃহত উপস্থিত হয় সৰ্বানন্দ সোণোৱাল ।

পূৰ্বৰ দৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আজি আগে-পিছে নাই কোনো দীঘলীয়া এছক’ৰ্ট অথবা নাই কোনো নিৰাপত্তাবাহিনীৰ দীঘলীয়া শাৰী । প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী বাসগৃহত উপস্থিত হোৱাৰ লগে লগে গাওঁবাসীৰ লগতে অনেক গুণমুগ্ধই সোণোৱালৰ ঘৰত ভিৰ কৰেহি । সকলোৱে সম্ভাষণ জনাই তেওঁলোকৰ মৰমৰ কুকৈক । এজন সাধাৰণ ব্যক্তিৰূপে তেওঁলোকৰ মৰমৰ কুকৈয়েও সকলোৰে লগত কথা-বতৰা পাতে ৷ গাঁৱৰ এজন ব্যক্তি হৈ গাওঁবাসীৰ মনৰ কথা বুজ লয় ।

নিৰ্বাচনৰ ফলাফলৰ পাচত প্ৰথমবাৰৰ বাবে গৃহ চহৰত উপস্থিত সৰ্বানন্দ সোণোৱাল

উল্লেখ্য যে, সৰ্বানন্দ সোণোৱালে বাসগৃহত উপস্থিত হৈ পিতৃ-মাতৃৰ সমাধিত বন্তি প্ৰজ্বলন কৰি সেৱা কৰাৰ লগতে পৰিয়ালৰ লগত মিলিত হয় । আনহাতে "আমি কোনো লোভ নাৰাখো ভাইটিয়ে সততা ৰাখি কাম কৰি যাওঁক, ঈশ্বৰৰ আৰ্শীবাদ আৰু আই-পিতাইৰ আৰ্শীবাদ লৈ আগবাঢ়ি যাওঁক" বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ জ্যেষ্ঠ ভাতৃয়ে ।

ইফালে মুখ্যমন্ত্ৰী পদত থকা এজন ব্যক্তিক আঁতৰাই অন্য এজনক মুখ্যমন্ত্ৰী পদ দিয়াটো এয়া ভাৰতত বা অসমত নজিৰবিহীন ঘটনা বুলি গাওঁবাসীয়ে কিছু আক্ষেপ কৰাৰ লগতে অৱশ্যে ভৱিষ্যতৰ দিনত দলে সৰ্বানন্দ সোণোৱালক উচিত মৰ্যদাসম্পন্ন পদ দিব বুলিও আশাবাদী এতিয়া মুলুক গাঁৱৰ এইসকল গাওঁবাসী ।

আনহাতে, কিছুদিনৰ পূৰ্বে ঘোষিত হোৱা মটক স্বায়ত্ত্বশাসিত পৰিষদৰ উপাধ্যক্ষ দেৱৰ্ষী চেতিয়া আৰু কাৰ্যবাহী সদস্য দেৱজিৎ ৰাজখোৱাই সৰ্বানন্দ সোণোৱালৰ বাসগৃহত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰীজনক সম্বৰ্ধনা জ্ঞাপন কৰে ।

লগতে পঢ়ক: ৰিতুল শইকীয়াৰ ঘৰত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

Last Updated : May 18, 2021, 4:58 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.