ETV Bharat / state

চপৰা চপৰে খহিছে দিহিঙৰ মথাউৰি

author img

By

Published : Jun 8, 2021, 5:13 PM IST

ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত দিহিঙৰ মথাউৰিটো আজিকোপতি মেৰামতি নকৰাৰ বাবে এতিয়া চপৰা-চপৰে খহিবলৈ আৰম্ভ কৰিছে ৷ ইয়াৰ ফলত আতংকিত হৈ পৰিছে দিহিং পৰীয়া ৰাইজ ৷ কিয়নো বিগত কেইদিন মান ধৰি ধাৰাষাৰ বৰষুণৰ ফলত ভয়ংকৰ ৰূপ লৈছে দিহিঙৰ বাঢ়নি পানীয়ে ৷

erosion of dihing embankment
চপৰা চপৰে খহিছে দিহিঙৰ মথাউৰি : আতংকিত দিহিংপৰীয়া ৰাইজ

মৰাণ, 8 জুন : ৰাজ্যৰ নতুন চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ লগতে বানপানী ৰোধৰ বাবে মথাউৰি নিৰ্মাণৰ বাবে ব্যাপক তৎপৰতা প্ৰদৰ্শন কৰা সময়তে চপৰা চপৰে খহিছে দিহিঙৰ মথাউৰি । ঐতিহাসিক দিহিং মথাউৰি অতি পুৰণি যদিও আজি পৰ্যন্ত মেৰামতি নকৰাৰ ফলতে বছৰটোৰ প্ৰথমজাক বৰষুণতেই মথাউৰিটো চপৰা চপৰে খহিবলৈ আৰম্ভ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত দিহিঙৰ মথাউৰি মেৰামতি কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত বহুবাৰ অবেদন নিবেদন কৰা হৈছিল যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগে ৷ বিগত কেইবাদিনো ধৰি ধাৰাষাৰ বৰষুণ হোৱাৰ ফলত দিহিং নদী ফেনে-ফুটুকাৰে বাঢ়ি আহিছে ৷ যাৰ ফলত লাচনগাওঁ তিনিআলিস্থিত দিহিঙৰ মথাউৰিৰ গড়া প্ৰায় পঞ্চাশ মিটাৰ খহাই নিয়ে দিঙিৰ বাঢ়নি পানীয়ে ৷

মথাউৰিটো খহিবলৈ আৰম্ভ কৰা পাচতে আতংকিত হৈ পৰিছে দিহিংপৰীয়া ৰাইজ ৷ বৰ্তমান শতাধিক লোকে মথাউৰি ভাঙি যোৱাৰ ভয়ত উজাগৰে ৰাতি পাৰ কৰা বুলি সাংবাদিকক জানিবলৈ দিছে ৰাইজে ৷

এনে ক্ষেত্ৰত দিহিঙৰ মথাউৰিটো শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে ৰাজ্য চৰকাৰক দাবী জনাইছে স্থানীয় লোকে । বাৰিষা পূৰ্বে মথাউৰিটো মেৰামতি নকৰিলে থাওৰা সমষ্টিৰ বহু গাঁওৰ লগতে মৰাণ সমষ্টিৰ বহু গাঁও ভয়ানক বিপদত পৰা সম্ভাৱনা অধিক বুলি সদৰি কৰিছে ৰাইজে ।

লগতে পঢ়ক: কুখ্যাত অপৰাধীৰ ৰাজাক গ্ৰেপ্তাৰৰ পাচতে পোহৰৈ আহিছে ন ন তথ্য !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.