ETV Bharat / state

বুঢ়ী দিহিঙৰ বুকুত জাহ গ'ল মৰাণৰ বহু কেইখন গাঁও - Burhidihing river

বৰ্তমানেও অব্যাহত আছে বুঢ়ী দিহিং নৈৰ খহনীয়া ৷ খহনীয়াৰ ফলত ভাবুকি নামি আহিছে মৰাণ সমষ্টিৰ 50 খনৰো অধিক গাঁৱলৈ ৷ বিগত বছৰত খহনীয়া ৰোধৰ বাবে জিঅ’ বেগ স্থাপনৰ কাম হাতত লোৱা হৈছিল যদিও কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

বুঢ়ী দিহিঙৰ বুকুত জাহ গ'ল মৰাণৰ বহু কেইখন গাঁও

author img

By

Published : May 9, 2021, 2:19 PM IST

মৰাণ, 9 মে': বাৰিষা আহিলেই কালৰূপ ধাৰণা কৰা বুঢ়ী দিহিং নৈত বৰ্তমানেও অব্যাহত আছে খহনীয়া ৷ খৰস্ৰোত নৈ খনৰ খহনীয়াই ক্ৰমাৎ কালৰূপ ধাৰণ কৰিছে ইটাখুলি, দিহিং থানগাঁও, ৰঙাগৰা, শিঙৰী বালিগাঁও আদি ৰাজহৰ গাওঁ সমূহত ৷ যাৰ ফলত মৰাণ সমষ্টিৰ 50খনৰো অধিক গাঁৱলৈ নামি আহিছে ভাবুকি ৷ তাৰ পিছতো কোনো গুৰুত্ব নাই বিভাগীয় কৰ্তপক্ষৰ ৷ চৰকাৰ আহিল চৰকাৰ গ'ল ৷ কিন্তু আজিও এক শতাংশও সম্পূৰ্ণ নহ'ল ডিব্ৰুগড় কলাখোৱা ইটাখুলি দিহিং নদীৰ খহনীয়াৰ কাম ৷ যাৰ ফলত নিঃশেষ হোৱাৰ দিশে দিহিং নদীৰ মথাউৰি।

বুঢ়ী দিহিঙৰ বুকুত জাহ গ'ল মৰাণৰ বহু কেইখন গাঁও

বিগত বছৰত খহনীয়া ৰোধৰ বাবে জিঅ’ বেগ স্থাপনৰ কাম হাতত লোৱা হৈছিল যদিও কেলেংকাৰি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ডিব্ৰুগড় জিলা মৰাণ সমষ্টিৰ লৰুৱা মৌজা প্ৰতিবছৰে বানপানী আৰু গৰাখহনীয়া কবলত পৰে।‌ যাৰ ফলত নদীৰ খনীয়াত জাহ গ'ল বৃহৎ অঞ্চল । পানী বাঢ়িলেহে অঞ্চলটোত উপস্থিত হয় বিভাগীয় বিষয়া তথা কৰ্মকতা । যাৰ ফলত এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ।

লগতে পঢ়ক: ধেমাজিত শেহতীয়াকৈ 109 জনৰ দেহত ক’ভিড 19

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.