ETV Bharat / state

Environment awareness program : টিংখাঙত পৰিৱেশ নিকা কৰিবলৈ ওলাই আহিল আৰক্ষী - Environment awareness program

টিংখাঙৰ কদমণি গাঁৱত চাফাই অভিযানত অংশগ্ৰহণ কৰিলে আৰক্ষীয়ে (Environment awareness at Tingkhang)। কদমণি যুৱ সংঘৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত অঞ্চলবাসীলৈ "ইংৰাজী নৱবৰ্ষৰ বিশেষ উপহাৰ" হিচাবে গ্ৰহণ কৰা হয় এক চাফাই অভিযানৰ কাৰ্যসূচী ।

Environment awareness in Tingkhang
টিংখাঙত পৰিৱেশ নিকা কৰিবলৈ ওলাই আহিল আৰক্ষী
author img

By

Published : Dec 12, 2022, 8:35 PM IST

টিংখাঙত পৰিৱেশ নিকা কৰিবলৈ ওলাই আহিল আৰক্ষী

মৰাণ, ১২ ডিচেম্বৰ : টিংখাঙৰ ৰাজপথত দেখা গ'ল এক বিশেষ আৰক্ষী বাহিনী । নামৰূপৰ উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বড়াৰ নেতৃত্বত এক বিশেষ অভিযান চলালে আৰক্ষীৰ এটা দলে । আৰক্ষীৰ দলটোক দেখি অঞ্চলটোৰ শতাধিক ৰাইজেও হাতে-হাতে দা লৈ হাবি-বন চাফা কৰিবলৈ ওলাই আহিল । টিংখাঙৰ কদমণি গাঁৱত এক চাফাই অভিযানত এক ব্য়তিক্ৰমী ৰূপত দেখা গ’ল আৰক্ষীৰ দলটোক (Cleanliness mission at Tingkhang)।

উল্লেখ্য যে, টিংখাঙৰ কদমণি যুৱ সংঘৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত অঞ্চলবাসীলৈ "ইংৰাজী নৱবৰ্ষৰ বিশেষ উপহাৰ" হিচাপে গ্ৰহণ কৰা হয় এক চাফাই অভিযানৰ কাৰ্যসূচী (Cleanliness mission of Police at Tingkhang)। এই কাৰ্যসূচীৰ অংশস্বৰূপে কদমণি মধ্য ইংৰাজী বিদ্যালয়ৰ সন্মুখৰ পৰা কঠালগুৰি চাৰি আলিলৈকে নাহৰকটীয়া-মৰাণ সংযোগী ঘাইপথৰ কাষৰ জংঘল কাটি পথৰ দুয়ো কাষৰ সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থা কৰা হয় । কদমণি যুৱ সংঘৰ এনে পদক্ষেপক শলাগ লয় নামৰূপৰ উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বড়াৰ লগতে সচেতন মহলেও ।

লগতে পঢ়ক:Jatiya Yuva Bahini press meet: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে আজমলৰ সাহস বাঢ়িছে: জাতীয় যুৱ বাহিনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.