ETV Bharat / state

মৰাণ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত জ্বলিল অধ্যক্ষাৰ প্ৰতিকৃতি - তথ্য জনা অধিকাৰ আইন

পুনৰ বিতৰ্কত সোমাই পৰিছে মৰাণ মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁ‌ৱৰ ৷ শিশু নিৰ্যাতনৰ পাছত এইবাৰ ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগত অভিযুক্ত হৈছে অধ্যক্ষা গৰাকী ৷

effigy-of-principal-burnt-at-moran-college-entrance
মৰাণ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত জ্বলিল অধ্যক্ষাৰ প্ৰতিকৃতি
author img

By

Published : Jul 8, 2021, 9:16 PM IST

Updated : Jul 9, 2021, 7:55 PM IST

মৰাণ, 8 জুলাই : মৰাণ মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁ‌ৱৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ উঠিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(ABVP)ৰ মৰাণ শাখা সমিতি । "তথ্য জনা অধিকাৰ আইন"(RTI)ৰ জৰিয়তে অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ কাৰ্যকালত সংঘটিত হোৱা বিভিন্ন অনিয়ম তথা দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতে বিতৰ্কিত অধ্যক্ষা গৰাকীৰ বিৰুদ্ধে সৰৱ হৈছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(ABVP) ৷ অতি শীঘ্ৰে তেওঁক মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা পদৰ পৰা নিলম্বনৰ দাবীৰে বৃহস্পতিবাৰে মহাবিদ্যালয় খনৰ প্ৰৱেশদ্বাৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য সকলে ৷ প্ৰতিবাদস্থলীত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰী সকলে ৷

মৰাণ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত জ্বলিল অধ্যক্ষাৰ প্ৰতিকৃতি

ইয়াৰোপৰি দুৰ্নীতিগ্ৰস্ত তথা বিৰ্তকিত অধ্যক্ষা গৰাকীক শীঘ্ৰে মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা পদৰ পৰা নিলম্বন কৰাৰ দাবী জনোৱাৰ লগতে দুৰ্নীতিৰ তদন্ত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে প্ৰতিবাদকাৰী সকলে । এনে বিতৰ্কিত অধ্যক্ষাক মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ লগতে দল-সংগঠনে কেতিয়াও গ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিয়ে প্ৰতিবাদকাৰী সকলে ৷ লগতে বিতৰ্কিত অধক্ষা গৰাকীৰ বিৰুদ্ধে মহাবিদ্যালয় খনৰ শিক্ষক সমাজে কিয় এক উচিত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে ৷

উল্লেখ্য যে, শেহতীয়াকৈ "তথ্য জনাৰ অধিকাৰ আইন"ৰ দ্বাৰা সংগঠনটোৱে লাভ কৰিছিল অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ কাৰ্যকালত মহাবিদ্যালয়ত ভৱন নিৰ্মাণকে আদি কৰি বিভিন্ন ক্ষেত্ৰত সংঘটিত হোৱা ব্যাপক অনিয়ম তথা দুৰ্নীতি তথ্য ৷ ইয়াৰ পাছতে বুধবাৰে সংগঠনটোৱে মৰাণত এক সংবাদমেল আয়োজন কৰি অধ্যক্ষা গৰাকীয়ে সংঘটিত কৰা সমগ্ৰ দুৰ্নীতিৰ তথ্য ফাদিল কৰিছিল । লগতে অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ বিৰুদ্ধে মৰাণহাট আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰিছিল সংগঠনটোৱে ।

শেহতীয়াকৈ ঘৰত বনকৰা এগৰাকী কণমানিক অমানৱীয় অত্যাচাৰ চলাই ৰাজ্যজুৰি গৰিহনাৰ পাত্ৰ হোৱাৰ পাছত এইবাৰ অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ বিৰুদ্ধে উত্থাপিত হোৱা দুৰ্নীতিৰ অভিযোগে মহাবিদ্যালয় খনত স্বাভাৱিকতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ পুনঃযোগদানক লৈ তীব্ৰ চাঞ্চল্য

Last Updated : Jul 9, 2021, 7:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.