ETV Bharat / state

দুলীয়াজানত জ্বলিল মিজোৰামৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা - মুখ্যমন্ত্ৰী জোৰামথাংগা

অসম-মিজোৰাম সীমান্তৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা আটাছু দুলীয়াজান আঞ্চলিক সমিতি, আটছা, দুলীয়াজান ই-ৰিক্সা সন্থা আৰু সোণাৱাল কছাৰী যুৱ মঞ্চৰ । অসম আৰক্ষী আৰু সীমান্তৱৰ্তী অসমীয়া ৰাইজৰ ওপৰত মিজোৰ আগ্ৰাসন আৰু অত্যাচাৰ অতি শীঘ্ৰেই বন্ধ কৰাৰ দাবী তোলে সংগঠন কেইটাই ।

effigy burn of mizoram cm at Duliajan
দুলীয়াজানত জ্বলিল মিজোৰামৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা
author img

By

Published : Jul 28, 2021, 1:59 PM IST

মৰাণ,২৮ জুলাই : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দুলীয়াজানতো লাইলাপুৰ (Lailapur) কাণ্ডকলৈ প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে । অসম-মিজোৰাম সীমান্তৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা আটাছু দুলীয়াজান আঞ্চলিক সমিতি, আটছা, দুলীয়াজান ই-ৰিক্সা সন্থা আৰু সোণোৱাল কছাৰী যুৱ মঞ্চৰ । সংগঠন কেইটাই মিজোৰাম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাৰ পুত্তলিকা দাহ কৰে ।

অসম আৰক্ষী আৰু সীমান্তৱৰ্তী অসমীয়া ৰাইজৰ ওপৰত মিজোৰ আগ্ৰাসন আৰু অত্যাচাৰ অতি শীঘ্ৰেই বন্ধ কৰাৰ দাবী তোলে সংগঠন কেইটাই । মিজোৰাম চৰকাৰ, মিজো আৰক্ষী আৰু মুখ্যমন্ত্ৰী জোৰাম থাংগাৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে সংগঠনকেইটাই উত্তাল কৰি তোলে তৈল নগৰী দুলীয়াজান । মিজো আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক (Himanta Biswa Sarma) কঠোৰ পদক্ষেপ ল'বলৈও আহ্বান জনাইছে সংগঠনকেইটাই ।

উল্লেখ্য যে সীমা বিবাদকলৈ সোমবাৰে অসম মিজোৰাম সীমান্তত মিজো আৰক্ষীয়ে অতৰ্কিতে অসম আৰক্ষীৰ ওপৰত উপৰ্যুপৰি গুলীবৰ্ষণ কৰে ৷ উক্ত ঘটনাত ৬ জন অসম আৰক্ষী নিহত হোৱাৰ লগতে এগৰাকী সাধাৰণ লোকো নিহত হয় ৷ এই ঘটনাত বহু আৰক্ষী আৰু সাধাৰণ লোক আহত হৈ সম্প্ৰতি হাস্পতালত চিকিৎসাধীন হৈ আছে । এই ঘটনাৰ পাছতে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) লাইলাপুৰ অঞ্চলত উপস্থিত হৈ ঘটনাৰ বুজ লৈছে লগতে মৃতকৰ পৰিয়াললৈ আৰু আহত সকললৈ আৰ্থিক অনুদানৰ ঘোষণা কৰে ।

ইফালে সীমা বিবাদকলৈ সৃষ্টি হোৱা এই ভয়ংকৰ আক্ৰমণৰ ঘটনাকলৈ চিন্তিত কেন্দ্ৰীয় চৰকাৰ । সীমা বিবাদৰ সমস্যা সমাধানৰ বাবে ইতিমধ্যে দিল্লীত বৈঠকৰ আহ্বান জনোৱা হৈছে । কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশ মৰ্মে দিল্লীত উপস্থিত হৈছে দুয়োখন ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজেই আলোচনাত ভাগ লোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : মিজোৰামৰ বিৰুদ্ধে ধূলাত নেমছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.