ডিব্ৰুগড়,২৮ এপ্ৰিল: বুধবাৰে পুৱা প্ৰবল ভূমিকম্পই জোকাৰি যায় সমগ্ৰ অসমক । এই ভূমিকম্পৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত ক্ষতিসাধন হয় । ডিব্ৰুগড়তো ঠায়ে ঠায়ে ক্ষয়-ক্ষতি হয় । বুধবাৰে পুৱা 7.52 বজাত সমগ্ৰ অসমকে জোঁকাৰি যোৱা ভূমিকম্পৰ ফলত ডিব্ৰুগড়ৰ সাংবাদিক সূৰজ দত্তৰ বাসগৃহতো বিস্তৰ ক্ষতিসাধন হয় । দত্তৰ গৃহৰ কাঁচৰ বহু মূল্যবান আচবাব পকী মজিয়াত পৰি ভাঙি যায় ।
চহৰখনৰ দাঁতি কাষৰীয়া কেবাটাও গৃহৰ দেৱালত ফাঁট সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে । বৰ্তমানেও আতংকিত হৈ পৰিছে ৰাজ্যবাসী । ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৬.৭ । এই ভূঁইকপৰ পাচতে পুনৰবাৰ এক মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ।
ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ফোনযোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা ৰাজ্যত শেহতীয়াকৈ অনুভূত বৃহৎ ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয় আৰু সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ।
-
Spoke to Assam CM Shri @sarbanandsonwal Ji regarding the earthquake in parts of the state. Assured all possible help from the Centre. I pray for the well-being of the people of Assam.
— Narendra Modi (@narendramodi) April 28, 2021 " class="align-text-top noRightClick twitterSection" data="
">Spoke to Assam CM Shri @sarbanandsonwal Ji regarding the earthquake in parts of the state. Assured all possible help from the Centre. I pray for the well-being of the people of Assam.
— Narendra Modi (@narendramodi) April 28, 2021Spoke to Assam CM Shri @sarbanandsonwal Ji regarding the earthquake in parts of the state. Assured all possible help from the Centre. I pray for the well-being of the people of Assam.
— Narendra Modi (@narendramodi) April 28, 2021
লগতে পঢ়ক: নিশা 8 বজাৰ লগে লগে বৰাকতো বলৱৎ সান্ধ্য আইন