মৰাণ, 13 এপ্ৰিল : ডিব্ৰুগড় জিলাৰ চাবুৱা আৰক্ষীয়ে সোমবাৰে নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ জালনোট জব্দ কৰে ৷ জাল নোট জব্দ কৰাৰ লগতে আৰক্ষীয়ে জালনোট সৰবৰাহৰ লগত জড়িত এটা বৃহৎ চক্ৰ উৎখাত কৰে ৷
চাবুৱা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি প্ৰথমে চাবুৱাত ২ লাখ ৪০ হাজাৰ টকাৰ সৈতে এগৰাকী মহিলা আৰু দুজন পুৰুষক হাতে-লোটে কৰায়ত্ব কৰে । তিনিওজন লোকৰ স্বীকাৰোক্তিৰ ভিত্তিত মৰাণৰ জয়ানগৰৰ এটা ভাৰাঘৰত প্ৰায় ২৭ লাখ ৬০ হেজাৰ মূল্যৰ জালনোট জব্দ কৰিবলৈ সক্ষম হয় চাবুৱা আৰক্ষীয়ে । জয়া নগৰৰ ভাৰাতীয়া ঘৰৰ পৰা বৃহৎ পৰিমাণৰ জালনোটৰ সৈতে নোট তৈয়াৰ কৰা বহু সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।
উল্লেখ্য যে, চাবুৱাৰ এখন ধাবাত ঘটনাৰ সৈতে জড়িত তিনিজন লোকক আৰক্ষীয়ে সোমবাৰে দুপৰীয়া গ্ৰেপ্তাৰ কৰিছিল আৰু নিশালৈ লোক কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত চাবুৱা আৰক্ষীয়ে মৰাণৰ পৰা বৃহৎ পৰিমাণৰ ধনৰাশি জব্দ কৰে ৷ মৰাণৰ লেঙেৰীৰ বিপুল গোঁহাই, তিনিচুকীয়াৰ বৰডুমচাৰ মহঙৰ উৎপল শইকীয়া আৰু তিনিচুকীয়াৰ হিজুগুৰি চনুলতা চক্ৰৱৰ্তী নামৰ মহিলাক আৰক্ষীয়ে ঘটনাৰ সৈতে জডিত থকাৰ অভিযোগত কৰায়ত্ব কৰিছে ।