ETV Bharat / state

ডিব্ৰুগড়ত পুনৰ ড্ৰাগছ বিৰোধী অভিযান, আৰক্ষীৰ জালত এজন

author img

By

Published : Aug 27, 2020, 2:10 PM IST

ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্ৰীজিৎ ট্ৰীৰ নেতৃত্বত উপ-আৰক্ষী অধীক্ষক, সদৰ আৰক্ষী, নগৰ পৰিদৰ্শক সহ বৃহৎ আৰক্ষী দলে বুধবাৰে মাজনিশা অভিযান চলাই ৰাণিংগেইট কদমণিত এটা ভাড়াঘৰৰ পৰা নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা ভূপেন তালুকদাৰ নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

Drugs paddler arrested in Dibrugarh
ডিব্ৰুগড়ত পুনৰ ড্ৰাগছ বিৰোধী অভিযান, আৰক্ষীৰ জালত এজন

ডিব্ৰুগড়, 27 আগষ্টঃ ডিব্ৰুগড় আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত । বুধবাৰে নিশা পুনৰ ড্ৰাগছ সহ এজনক গ্ৰেপ্তাৰ।ডিব্ৰুগড়ৰ ৰাণিংগেইট কদমণিৰ পৰা ভূপেন তালুকদাৰ নামৰ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ কৰা লগতে ২০ গ্ৰাম হেৰ'ইন জব্দ কৰে । আৰক্ষীয়ে প্ৰায় তিনি লাখ টকাৰ মুল্যৰ হেৰ'ইন, নগদ ১৫ হেজাৰ টকা লগতে বিভিন্ন আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । ড্ৰাগছ ব্যৱসায়ত জড়িত ভূপেন তালুকদাৰৰ ঘৰ ডিব্ৰুগড় খনিয়া গাৱঁত । ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্ৰীজিৎ ট্ৰীৰ নেতৃত্বত উপ-আৰক্ষী অধীক্ষক, সদৰ আৰক্ষী, নগৰ পৰিদৰ্শক সহ বৃহৎ আৰক্ষী দলে বুধবাৰে মাজনিশা অভিমান চলাই ৰাণিংগেইট কদমণিত এটা ভাড়াঘৰৰ পৰা নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা ভূপেন তালুকদাৰ নামৰ ড্ৰাগছ ব্যৱসায়ীটোক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

অৱশেষত আৰক্ষীয়ে ভাড়াঘৰটোত লুকুৱাই ৰখা অৱস্থাত অভিযান চলাই হেৰ'ইন খিনি লগতে ড্ৰাগছৰ ব্যৱসায়ত আৰু সেৱনত ব্যৱহৃত বিভিন্ন সামগ্ৰীও জব্দ কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে, ডিব্ৰুগড় আৰক্ষীয়ে মঙলবাৰে মাজনিশাও অভিযান চলাই ডিব্ৰুগড় ৰূপনগৰ পৰা প্ৰায় দহ লক্ষ্যাধিক টকাৰ মূল্যৰ ড্ৰাগছসহ নগদ ৭৩,০০০ টকা জব্দ কৰাৰ লগতে তুষাৰজ্যোতি গগৈ নামৰ ড্ৰাগছৰ ব্যৱসায়ীকটোক গ্ৰেপ্তাৰ কৰিছিল । ডিব্ৰুগড়ত আৰক্ষীয়ে ধাৰাবাহিক ভাবে অভিযান অব্যাহত ৰাখিছে যদিও ডিব্ৰুগড়ৰ বৃহৎ ড্ৰাগছ সাম্ৰাজ্যখন উৎখাত কৰিবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়কঃ নলবাৰীত চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.