মৰাণ,16 জানুৱাৰীঃ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অসমতো ৰাম ভক্ত সকলৰ মাজত বিশেষ তৎপৰতাত দেখিবলৈ পোৱা গৈছে । মাঘ বিহুৰ প্ৰথম দিনটোতে মৰাণৰ হনুমান মন্দিৰ প্ৰাঙ্গনত ৰাজহ আৰু ৰাজ্যিক লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৰামৰ ভক্ত সকলে স্বতঃস্ফুত ভাৱে ওলাই ১০ মিনিটত ২ লাখ টকা বৰঙণি আগবঢ়াই এক অভিলেখ সৃষ্টি কৰিছে ।
উল্লেখযোগ্য যে, ১৫ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে যি নিধি সংগ্ৰহ হ'ব, তাৰ প্ৰক্ৰিয়া শুভাৰম্ভ কৰে মন্ত্ৰী যোগেন মহনে । তাৰে অংশ স্বৰূপে শুকুৰবাৰে মৰাণৰ ৰাম ভক্ত ৰাইজে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আগবাঢ়ি অহা পৰিলক্ষিত হয় ।
লগতে পঢ়কঃ চি চি কেমেৰাত বন্দী ধন লুটৰ চাঞ্চল্যকৰ দৃশ্য