ETV Bharat / state

ডিব্ৰুগড়ত আজিৰে পৰা জিলা পৰ্যায়ৰ সাংস্কৃতিক মহাসংগ্ৰাম - Bimal Borah Minister

Sanskritik Mahasangram : জিলাভিত্তিত আৰম্ভ হৈছে এই সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচী । ডিব্ৰুগড় জিলাত আজিৰে পৰা আৰম্ভ হৈছে ‘অসম সাংস্কৃতিক মহাসংগ্ৰাম’ ।

Sanskritik Mahasangram
ডিব্ৰুগড়ত জিলা পৰ্যায়ৰ সাংস্কৃতিক মহাসংগ্ৰাম
author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 10:02 PM IST

ডিব্ৰুগড়ত জিলা পৰ্যায়ৰ সাংস্কৃতিক মহাসংগ্ৰাম

ডিব্ৰুগড়, 5 জানুৱাৰী: অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাজ্যত অনুষ্ঠিত হৈছে সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচী । প্ৰথম গাঁও পঞ্চায়ত পৰ্যায়ত, দ্বিতীয়তে সমষ্টিভিত্তিত এই কাৰ্যসূচী অনুষ্ঠিত কৰা পাছতেই জিলাই জিলাই আৰম্ভ হৈছে এই সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচী ।

পঞ্চায়ত আৰু সমষ্টি পৰ্যায়ত সফলতা লাভ কৰা প্ৰতিযোগীসকলক লৈ ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত ডিব্ৰুগড় জিলাত আজিৰে পৰা আৰম্ভ হৈছে ‘অসম সাংস্কৃতিক মহাসংগ্ৰাম’ ।

ডিব্ৰুগড়ৰ শ্ৰীশ্ৰী আউনিআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হোৱা অসম সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩- ২৪ ৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া ।

এই পৰ্যায়ৰ এই প্ৰতিযোগিতাত ডিব্ৰুগড় জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিৰ পৰা মুঠ ৬৩ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে । উদ্যোক্তাসকলে জানিবলৈ দিয়ে যে আজি অৰ্থাৎ ৫ জানুৱাৰীত সাংস্কৃতিক মহাসংগ্ৰাম জিলা পৰ্যায়ৰ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয় । ঠিক তেনেদৰে ৬ জানুৱাৰীত বিষ্ণু ৰাভা সংগীত আৰু ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ।

৭ জানুৱাৰীত দলীয় বিহু নৃত্য প্ৰতিযোগিতা হ’ব । ৮ জানুৱাৰীত পৰম্পৰাগত দলীয় নৃত্য আৰু ১৭ জানুৱাৰীত সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ জ্যোতি সংগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । আজি শুভাৰম্ভণি অনুষ্ঠানত জিলা আয়ুক্ত বিক্ৰম কৈৰী, বিধায়ক প্ৰশান্ত ফুকন, বিধায়ক চক্ৰধৰ গগৈ, পৌৰসভাৰ সভাপতি ড৹ চৈকত পাত্ৰ, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ সভাপতি অসীম হাজৰিকা, ডিব্ৰুগড় জিলা পৰিষদৰ সভাপতি ডেইজীৰাণী শ্যাম, মটক স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডেভিড চেতিয়াকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: কণ-কণ শিক্ষাৰ্থীৰ নৃত্য-গীতেৰে টিংখাঙত মুখৰিত ৰাইজৰ উৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.