ETV Bharat / state

Dihingchang Food Festival 2022: টিংখাঙত দিহিংচাং খাদ্য মেলাৰ আয়োজন - মন্ত্ৰী বিমল বড়া

আজি ইংৰাজী নৱবৰ্ষ 2023 ৰ পহিলা দিন ৷ নৱবৰ্ষৰ প্ৰাকক্ষণত দুদিনীয়া কাৰ্যসূচীৰে টিংখাঙত আয়োজন কৰা হৈছে "দিহিংচাং food festival ২০২২" (Dihingchang Food Festival 2022 at Tingkhang)।

Dihingchang Food Festival 2022 at Tingkhang
টিংখাঙত দিহিংচাং Food Festival ২০২২ আয়োজন
author img

By

Published : Jan 1, 2023, 7:20 AM IST

টিংখাঙত দিহিংচাং Food Festival ২০২২ আয়োজন

মৰাণ, 1 জানুৱাৰী: টিংখাঙত আৰম্ভ হৈছে দিহিংচাং food festival ২০২২(Dihingchang Food Festival 2022) ৷ যোৱা 31 ডিচেম্বৰ তথা শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে টিংখাঙত আয়োজন কৰা হৈছে "দিহিংচাং food festival ২০২২"। যাৰ ফলত টিংখাঙৰ বৰবাম, পানীবিল আৰু মাহমৰা আলিকিনাৰ মুগা চুমনি বিলত নৱবৰ্ষৰ প্ৰাকক্ষণত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ৷ পৰ্যটকক আকৃষ্ট কৰিবৰ বাবে আকৰ্ষণীয়কৈ সজাই পৰাই তোলা হৈছে "দিহিংচাং বহুমুখী প্ৰকল্প"ৰ দুয়োটা পাৰ ৷ আজি এই খাদ্য মহোৎসৱৰ দ্বিতীয়টো দিন ৷

দুটা দিনৰ কাৰ্যসূচীত পৰ্যটকসকলৰ বাবে বিভিন্ন জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য সম্ভাৰৰ লগতে মনোৰম প্ৰাকৃতিক পৰিৱেশত জলকেলি কৰাৰ আমেজ লাভ কৰিব ৷ শনিবাৰে আনুষ্ঠানিকভাৱে দুয়োটা প্ৰকল্প স্থলিত Food festival ৰ শুভাৰম্ভ কৰে টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াই (Minister Bimal Bora inauguration Food Festival) ৷

উল্লেখযোগ্য যে, সমষ্টিটোৰ নিবনুৱা যুৱক-যুৱতী সকলৰ কৰ্ম-সংস্থাপনৰ উদ্দেশ্যে বিধায়ক বিমল বড়াই দুবছৰ পূৰ্বে গ্ৰহণ কৰা "দিহিংচাং বহুমুখী প্ৰকল্প" (Dihingchang Multipurpose Project) ই এতিয়া বহু নিৱনুৱাৰ মুখলৈ হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে ৷ টিংখাঙৰ দুয়ো দিশত অৱস্থিত দিহিং আৰু দিচাং নদীৰ প্ৰাকৃতিক সম্ভাৱনাক সামৰি লোৱা দিহিংচাং প্ৰকল্প নামকৰণেৰে টিংখাঙৰ উদ্যমী যুৱক-যুৱতী সকলক আত্মসংস্থাপনৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে নিজা উদ্যোগত গ্ৰহণ কৰিছিল এই অভিলাসী আঁচনি ৷

উক্ত আঁচনিৰ অন্তৰ্গত পানীবিল মৎস্য পালন কেন্দ্ৰত মীন পালনৰ যোগেদি প্ৰায় 200 জন শিক্ষিত নিবনুৱা যুৱকে কৰ্ম-সংস্থাপন লাভ কৰিছে ৷ প্ৰায় 250 বিঘা আয়তনৰ বিশাল জলৰাশিক 10 টা ভাগত বিভক্ত কৰি প্ৰতিটো ভাগত 20 জনকৈ নিবনুৱা যুৱকক মীন পালনৰ সুবিধা প্ৰদান কৰা হৈছে ৷ 2019 চনত আৰম্ভ কৰা এই মীন প্ৰকল্পৰ যোগেদি বাৰ্ষিক দুয়োটা মৎস্য পালন কেন্দ্ৰৰ মীন পালক সকলে এটা গোটত প্ৰায় 9 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

এই মীন কেন্দ্ৰটোত ৰৌ, বাহু, মিৰিকা, গ্ৰাচ কাৰ্প, গল্ডেন কাৰ্প, কমন কাপ আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা মেলা হৈছে ৷ বৰ্তমানে এইসমূহ মাছ 1 কেজিৰ পৰা 7 কেজি পৰ্যন্ত ডাঙৰ হৈছে ৷ নিজৰ সপোনবোৰে এতিয়া সাৰ্থক ৰূপ লাভ কৰাত যথেষ্ট আনন্দ প্ৰকাশ কৰে মন্ত্ৰী বিমল বড়াই (Minister Bimal Bora) ৷ ভৱিষ্যতে দিহিংচাং প্ৰকল্পৰ যোগেদি মীন, কৃষি, বয়ন শিল্প আদিৰ দিশত ন-ন আঁচনি গ্ৰহণ কৰি বহু নিবনুৱা যুৱক- যুৱতীক কৰ্ম-সংস্থাপন দিয়াৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: 2022 Last sunset view: ব্ৰহ্মপুত্ৰৰ পাৰত সূৰ্যাস্তৰ নান্দনিক দৃশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.