ETV Bharat / state

পুনৰ উত্তপ্ত ডিব্ৰুগড় বিশ্ববিদ্যালয় - ডিব্ৰুগড় বিশ্ববিদ্যালয়

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিভাগে সঠিক সময়ত স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পৰিৱৰ্তে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া ৰহস্য জনকভাৱে পিছুৱাই দিয়াৰ বাবে একাংশৰ ছাত্ৰ ক্ষোভিত হৈ পৰে । আৰু ইয়াৰ পিছতেই ক্ষোভিত ছাত্ৰ সকলে বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচ'ৰা সন্মুখত বহু ৰাতিলৈকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

As_Moran_dibrugarh-university-protest_As10031
পুনৰ উত্তপ্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়
author img

By

Published : Feb 16, 2021, 10:55 PM IST

ডিব্ৰুগড়, 16 ফেব্ৰুৱাৰী: পুনৰ উত্তপ্ত ডিব্ৰুগড় বিশ্ববিদ্যালয় । মঙলবাৰে নিশা জ্যোতি বাটচ'ৰাত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পুনৰ সাব্যস্ত কৰে প্ৰতিবাদ । স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনক কেন্দ্ৰ কৰি পুনৰ কঁপি উঠে ডিব্ৰুগড় বিশ্ববিদ্যালয় ।

মঙলবাৰে বিশ্ববিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰদানৰ অন্তিম দিন আছিল । মঙলবাৰে দিনৰ ২.৩০ বজালৈকে মনোনয়ন পত্ৰ প্ৰদানৰ সময় ধাৰ্য কৰিছিল বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিভাগে ।

পুনৰ উত্তপ্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়

কিন্তু, সময়মতে একাশংই দাখিল কৰিব পৰা নাছিল মনোনয়ন । যাৰবাবে প্ৰাৰ্থী সকলৰ মাজত সংঘাত আৰম্ভ হয় । প্ৰশাসনিক বিভাগে দেওবাৰেই প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ কথা আছিল ।

বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিভাগে সঠিক সময়ত প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পৰিৱৰ্তে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া ৰহস্য জনকভাৱে পিছুৱাই দিয়াৰ বাবে একাংশৰ ছাত্ৰ ক্ষোভিত হৈ পৰে । আৰু ইয়াৰ পিছতেই ক্ষোভিত ছাত্ৰ সকলে বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচ'ৰা সন্মুখত বহু ৰাতিলৈকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে, যোৱা দুবছৰে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই অনুষ্ঠিত কৰিব পৰা নাই বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন ।

লগতে পঢ়ক-১৮ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব মাজুলী-যোৰহাট সংযোগী দলঙৰ ভূমি পূজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.