ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়তো নিষিদ্ধ হ'ল সৰ্বানন্দ সোণোৱাল

author img

By

Published : Dec 1, 2019, 11:25 PM IST

বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাই হিমন্ত বিশ্ব শৰ্মাক আখ্যা দিলে জাতিৰ কলংক হিচাপে । বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সৰ্বা, কামাখ্যা, তপন ঋতুপৰ্ণই বিশ্ববিদ্যালয়ৰ মজিয়াৰ পৰাই নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰি এতিয়া বিধেয়ক গৃহীত কৰাৰ পক্ষত থিয় দি জাতিটোৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৰিমাতো কালিমা সানিছে বুলি অভিযোগ কৰে বিশ্ববিদ্যালয়খনৰ ছাত্ৰসমাজে ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিষিদ্ধ সৰ্বানন্দ সোনোৱাল
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিষিদ্ধ সৰ্বানন্দ সোনোৱাল

ডিব্ৰুগড়, 1 ডিচেম্বৰ: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিষিদ্ধ কৰা হ'ল সমূহ গেৰুৱা বাহিনী ৷ দেওবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়খনত নিষিদ্ধ কৰা হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী তপন গগৈ, কামাখ্যা তাছা, বিধায়ক ঋতুপৰ্ণ বৰুৱা সহ গেৰুৱা বাহিনীৰ সকলো নেতা পালিনেতা।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিষিদ্ধ সৰ্বানন্দ সোনোৱাল

বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাই আনুষ্ঠানিক ভাৱে এই ঘোষণা কৰি 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পথত আঁৰিলে মুখ্যমন্ত্ৰীক নিষিদ্ধ ঘোষণাৰ বৃহৎ পোষ্টাৰ ৷ এসময়ৰ ছাত্ৰ ৰাজনীতিৰে বিশ্ববিদ্যালয়খনত সুকীয়া খ্যাতি থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিজ বিশ্ববিদ্যালয়তে জাতীয় নায়কৰ পৰিৱৰ্তে স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ দ্বাৰা দিয়া হ'ল "জাতীয় খলনায়ক উপাধি" ৷


ডিব্ৰুগড়, 1 ডিচেম্বৰ: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিষিদ্ধ কৰা হ'ল সমূহ গেৰুৱা বাহিনী ৷ দেওবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়খনত নিষিদ্ধ কৰা হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী তপন গগৈ, কামাখ্যা তাছা, বিধায়ক ঋতুপৰ্ণ বৰুৱা সহ গেৰুৱা বাহিনীৰ সকলো নেতা পালিনেতা।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিষিদ্ধ সৰ্বানন্দ সোনোৱাল

বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাই আনুষ্ঠানিক ভাৱে এই ঘোষণা কৰি 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পথত আঁৰিলে মুখ্যমন্ত্ৰীক নিষিদ্ধ ঘোষণাৰ বৃহৎ পোষ্টাৰ ৷ এসময়ৰ ছাত্ৰ ৰাজনীতিৰে বিশ্ববিদ্যালয়খনত সুকীয়া খ্যাতি থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিজ বিশ্ববিদ্যালয়তে জাতীয় নায়কৰ পৰিৱৰ্তে স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ দ্বাৰা দিয়া হ'ল "জাতীয় খলনায়ক উপাধি" ৷


Intro::ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ত নিষিদ্ধ
হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।লগতে নিষিদ্ধ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ,মন্ত্ৰী তপন গগৈ, কামাখ্যা তাছা,বিধায়ক ঋতুপৰ্ণ বৰুৱা সহ গেৰুৱা বাহিনীৰ সকলো নেতা পালিনেতা।
বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাই আনুষ্ঠানিক ভাৱে কৰিলে এই ঘোষণা।37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ
বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পথতেই সকলোৰে চকুত পৰা কৈ আঁৰিলে মুখ্যমন্ত্ৰীৰ নিষিদ্ধ ঘোষণাৰ বৃহৎ পষ্টাৰ।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনত প্ৰতিবাদৰ জুই এইয়া।
লগতে এসময়ৰ ছাত্ৰ ৰাজনীতিৰে বিশ্ববিদ্যালয়খনত সুকীয়া খ্যাতি থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিজ বিশ্ববিদ্যালয়তে আজি জাতীয় নায়কৰ পৰিবৰ্তে স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ দ্বাৰা দিয়া হ'ল জাতীয় *"খলনায়ক উপাধি।"*
হিমন্তক আখ্যা জাতিৰ কলংক।

অভিযোগ
বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মজিয়াৰ পৰাই নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰা সৰ্বা,কামাখ্যা,তপন ঋতুপৰ্ণই এতিয়া
বিধেয়ক গৃহীতৰ পক্ষত থিয় দি জাতিটোৰ লগতে ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ গৰিমাতো কালিমা সানিছে।যাৰ বাবে লজ্জিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ।
সেয়ে এইদৰে প্ৰতিবাদ আৰু নিষিদ্ধৰে এনে কাৰ্যৰ তীব্ৰ বিৰোধিতাত বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভা।
কেৱল প্ৰৱেশ পথেই নহয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰতিটো অধ্যায় কেন্দ্ৰ,বিভাগৰ সন্মুখ, বাটে বাটে
সভাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুধীতাৰ শ্লোগান সম্বলিত পষ্টাৰ, ফেষ্টুন উলমাই,ছাত্ৰাবাসত সজাগতাৰে সাব্যস্ত কৰিছে প্ৰতিবাদ।

বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সমূহ মহাবিদ্যালয় শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীকো নিজ নিজ শিক্ষানুষ্ঠানত বিজেপিৰ নেতা পালি নেতাৰ প্ৰবেশত বাধা দিবলৈ আহ্বান জনাই কেবৰ বিৰুধীতা কৰিব ক'লে।
ইফালে বিশ্ববিদ্যালয়ৰ মজিয়াৰ পৰাই কেবৰ গৃহিত কাৰ্য কোনো পধ্যেই মানি নোলোৱাৰ লগতে ছাত্ৰ একতা সভাই কেব গৃহিত হ'বলৈ দিলে অগণতান্ত্ৰিক আন্দোলন হোৱাৰো দিলে হুংকাৰ।

ইফালে আৰ এছ এছক কঠোৰ সমালোচনাৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদক ৰাহুল চেত্ৰীয়ে হিমন্ত, সৰ্বানন্দক আৰ এছ এছৰ নিৰ্দেশত চলা কাৰ্য পৰিহাৰ কৰি জাতিৰ স্বাৰ্থত উভতি আহিবলৈ আহ্বান জনাই।অন্যথা তালি টোপুলা বান্ধি হিমন্ত সৰ্বানন্দকক পাকিস্তান বাংলাদেশ পঠিওৱাৰ ব্যৱস্থা বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ল'ব বুলি কটাক্ষ কৰে।

লগতে সম্পাদক জনৰ বিস্ফোৰক প্ৰতিক্ৰিয়া যদি এনেকৈয়ে অসমীয়া জাতিৰ প্ৰতি অত্যাচাৰ, নিৰ্যাতন চলাই আহে তেন্তে সেই দিন দূৰ নাই অসমৰ তেজাল যুৱকে গণতান্ত্ৰিক আৰু অগণতান্ত্ৰিক আন্দোলনেৰে স্বাধীন অসম বিচাৰিবলৈ বাধ্য হ'ব।

তেওঁ প্ৰতিবাদস্থলীৰ পৰা কয়
"যদি আপোনালোকে অতীত ঘূৰি চাই, অসমীয়াই ব্ৰিটিছ খেদিবলৈ সক্ষম হ'লো,মোগলক খেদিবলৈ সক্ষম হ'লো যদি প্ৰয়োজন হয় আমি দিল্লী যাম অসমীয়া জাতিৰ স্বাৰ্থত অতি শীঘ্ৰে ইয়াৰ পৰা এই আৰ এছ এছৰ সৈনিক সকলক খেদাইহে এৰিম।হাফ পেন্ট পিন্ধি আৰু কলা টুপি পিন্ধি দাদাগিৰী কৰিব নালাগে অসমীয়াই কিন্তু কাৰো দাদাগিৰী সহ্য নকৰে।যদি কোনোবাই বুঢ়া আঙুলি দেখুৱাবলৈ চেষ্টা কৰে তেন্তে অসমীয়াই কিন্তু সেই বুঢ়া আঙুলি কাটি দিবলৈ সাঁজু আছে।আজি অসমৰ গাঁৱে পাহাৰে ভৈয়ামে প্ৰত্যেক অসমীয়াৰ ঘৰত একোজন লাচিত জন্ম হৈছে।বাৰে বাৰে সৰ্বানন্দ সোণোৱালে কৈ থাকে জাতি মাতি ভেতিৰ কথা।কিন্তু তেওঁৰ কাৰণে জাতি মাতি ভেটিতকৈ ডাঙৰ ৰাজনৈতিক পাৰ্টি হয়।আমাৰ কাৰণে কিন্তু
ডাঙৰ কোনো ৰাজনৈতিক পাৰ্টি নহয়। আমাৰ কাৰণে ডাঙৰ জাতি মাতি,আৰু আমি ইয়াক সন্মান কৰোঁ মৰম কৰো ইয়াৰ কাৰণে আমি যি কোনো দুখ কষ্ট সহিবলৈ আনকি প্ৰাণ দিবলৈও সাঁজু।গেৰুৱা বাহিনীৰ চৰকাৰক পুনৰ সকিয়ালো পইচাৰ স্বাৰ্থত, গাদীৰ স্বাৰ্থ মানসিক চিন্তা হেৰুৱাই পেলোৱা অবস্থা উভতাই অসমীয়াৰ হৈ চিন্তা কৰক নহলে নিজৰ মতে বাংলাদেশ যাবলৈ ব্যৱস্থা গ্ৰহণ কৰক।যদি অসমীয়া ডেকাই আপোনালোকক পঠিওৱাৰ ব্যৱস্থা কৰে তেন্তে বৰ বেয়া পৰিস্থিতি হ'ব,ব্ৰহ্মপুত্ৰ নদীৰে ৰঙা পানী ব'ব।"

Byte:ৰাহুল চেত্ৰী
সম্পাদক, ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ একতা সভা



পূৰ্বেও কেব গৃহিতৰ বিৰুধীতাৰে আন্দোলন চলোৱা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাই কেব গৃহিতৰ বিষয় থমকি ৰওঁতে আন্দোলন অস্থায়ীভাৱে স্থবিৰ কৰিছিল যদিও পুনৰ চৰকাৰে এই আইন গৃহিতৰ পক্ষত থিয় হ'লেই আকৌ আন্দোলন আৰম্ভ হোৱাৰ হুংকাৰ দিছিল ছাত্ৰ একতা সভাই।তাৰেই পৰিণতিত পুনৰ কেবৰ বিৰুদ্ধে জুই জ্বলি উঠিছে উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত।Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.