ETV Bharat / state

Minister Bimal Borah at Dibrugarh: ডিব্ৰুগড়ৰ চৌকিডিঙীত বৃহস্পতিবাৰৰ পৰা আৰম্ভ ট্ৰেড এক্সপ’ ২০২৩ - উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়া

ডিব্ৰুগড়ত ১১ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব বাণিজ্য মেলা ৷ দেশ-বিদেশৰ মুঠ ১৪১খন বাণিজ্য বিপণীয়ে অংশ ল'ব এই বাণিজ্য মেলাত ৷ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়াই ডিব্ৰুগড়ত সংবাদমেল অনুষ্ঠিত কৰি সদৰী কৰে এই তথ্য ৷

Minister Bimal Borah at Dibrugarh
ডিব্ৰুগড়ৰ চৌকিডিঙীত বৃহস্পতিবাৰৰ পৰা আৰম্ভ ট্ৰেড এক্সপ’ ২০২৩
author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 5:33 PM IST

উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়াৰ সংবাদমেল

ডিব্ৰুগড়, ২৭ ছেপ্টেম্বৰ: অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে ৰাজ্যৰ বাণিজ্য ক্ষেত্ৰ বৃদ্ধি কৰি থলুৱা উদ্যোগক আগুৱাই নিয়াৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছে । ৰাজ্যৰ থলুৱা উদ্যোগীসকলক এখন উপযুক্ত বজাৰ দিয়াৰ উদ্দেশ্যে চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে ডিব্ৰুগড়ৰ চৌকিডিঙীত ১১ দিনীয়া বাণিজ্য মেলা অনুষ্ঠিত কৰিছে । ডিব্ৰুগড়ৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ প্ৰেক্ষাগৃহত সংবাদমেল অনুষ্ঠিত এই কথা সদৰী কৰে ৰাজ্যৰ উদ্যোগ মন্ত্ৰী বিমল বড়াৰ লগতে বিভাগৰ বিষয়াসকলে ।

২৮ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগা এই বাণিজ্য মেলাত দেশ-বিদেশৰ মুঠ ১৪১ খন বাণিজ্য বিপণীয়ে অংশ ল'ব । ইয়াৰে ৰাজ্যখনৰ ১০০ খন, ৰাজ্যৰ বাহিৰ অৰ্থাৎ দেশৰ বিভিন্ন ৰাজ্যৰ ৪০ আৰু আফগানিস্তানৰ এখন বাণিজ্য বিপণীয়ে এই বাণিজ্য মেলাত অংশ ল'ব বুলিও জানিবলৈ দিছে উদ্যোগ মন্ত্ৰীগৰাকীৰ লগতে বিভাগৰ বিষয়াসকলে । এই বাণিজ্য মেলাত বাণিজ্যতাৰ মাজতেই ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ বাবে কাৰ্যসূচী লোৱা বুলি জানিবলৈ দিছে মন্ত্ৰী বিমল বড়াই ।

বাণিজ্য মেলাৰ স্থানতেই ৰচনা আৰু তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব । ৭ অক্টোবৰত ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ, ধেমাজি জিলাৰ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । তৰ্ক প্ৰতিযোগিতাৰ বিষয় সদনৰ মতে, পৰিবৰ্তনশীল সমাজত উদ্যমীতা অনুসৰণ, চাকৰিমুখী সংস্কৃতিৰ তুলনাত বহু পৰিমাণে শ্ৰেষ্ঠতৰ গঠনমূলক বিকল্প । আনহতে ৩০ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ কলেজৰ ছাত্ৰ-ছাত্ৰীৰ মাজত "মোৰ জীৱনৰ লক্ষ্য " বিষয়ত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে । লগতে বিগত সময়ত ৰাজ্যৰ উদ্যোগ বিভাগে কেনেদৰে কামকাজ আগুৱাই নিছে সেই বিষয়েও সংবাদমেলত উল্লেখ কৰে উদ্যোগ মন্ত্ৰী বিমল বড়াই ।

লগতে পঢ়ক: World Tourism Day 2023: ধোঁৱা চাঙত পৰ্যটনস্থলী উন্নয়নৰ আঁচনি ! বিড়ম্বনা আখ্যা কলিয়াবৰবাসীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.