ETV Bharat / state

চাৰখলীয়া চাপৰিত সংঘটিত ঘটনাৰ তদন্তৰ বাবে ৰাওনা ডিব্ৰুগড় আৰক্ষীৰ দল - police investigation on sarkhaliya sapori incident

চাৰখলীয়া চাপৰিত বছৰ বছৰ ধৰি বসবাস কৰা লোক সকলক টি এম পি কেই ধনদাবী কৰি আহিছিল ৷ গোৱলাৰ পৰা দাবীকৰা ধন নোপোৱাৰ বাবেই টি এম পি কেৰ এটা দলে গাখীৰ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা গোৱালা সকলৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছে ৷ ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ অন্তৰ্গত চাৰখলিয়া চাপৰিত ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে টি এম পি কেৰ লাই মেকুৰী আঞ্চলিক সমিতিৰ বিৰুদ্ধে গোছৰ দাখিল কৰিছে ৷

চাৰখলীয়া চাপৰিত সংঘটিত ঘটনাৰ তদন্তৰ বাবে ৰাওনা ডিব্ৰুগড় আৰক্ষীৰ দল
author img

By

Published : Oct 20, 2019, 4:32 PM IST

ডিব্ৰুগড়, 20 অক্টোবৰঃ ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত চাৰখলীয়া চাপৰিত সংঘটিত ভয়ংকৰ ঘটনাৰ তদন্তৰ বাবে ৰাওনা ডিব্ৰুগড় আৰক্ষীৰ এটা বৃহৎ দল ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি বৰাৰ নেতৃত্বত ব্ৰহ্মপুত্ৰৰ বুকুৱে ৰাওনা হৈছে আৰক্ষীৰ বৃহৎ দলটো ৷ চাৰখলীয়া চাপৰিৰ ৰামসিংহ ঘাটত যোৱা নিশা একাংশ গোৱলাৰ ওপৰত মিছিং জনগোষ্ঠীয় সংগঠন টি এম পি কেৰ নাম লৈ আক্ৰমণ চলোৱা হয় ৷ জ্বলাই দিয়া হয় দহটাৰো অধিক বাসগৃহ ৷ লগতে দা- লাঠিৰে চলোৱা আক্ৰমণৰ ফলত কেইবাজনো লোক আহত হোৱাৰ উপৰি মুৰুলী যাদৱ নামৰ এজন লোকৰ আজি চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ দাৰ ঘাপত আহত মুৰলী যাদব ডিব্ৰুগড়ৰ বহ্মপুত্ৰ নাছিংহোমৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল । আনহাতে বিজয় যাদব নামৰ আন এজন এ এম চিত চিকিৎসাধীন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷

চাৰখলীয়া চাপৰিত সংঘটিত ঘটনাৰ তদন্ত

উল্লেখ্য যে, চাপৰিত বছৰ বছৰ ধৰি বসবাস কৰা লোক সকলক টি এম পি কেই ধনদাবী কৰি আহিছিল ৷ গোৱলাৰ পৰা দাবীকৰা ধন নোপোৱাৰ বাবেই টি এম পি কেৰ এটা দলে গাখীৰ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা গোৱালা সকলৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছে ৷ ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ অন্তৰ্গত চাৰখলিয়া চাপৰিত ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে টি এম পি কেৰ লাই মেকুৰী আঞ্চলিক সমিতিৰ বিৰুদ্ধে গোছৰ দাখিল কৰিছে ৷ ডিব্ৰুগড়ৰ পৰা নাৱেৰে চাৰি ঘন্টা সময় লগাৰ বাবে আৰক্ষী নিশাৰ ভাগত যাব নোৱাৰিলে যদিও আজি এটা বৃহৎ দল ৰাওনা হৈছে ৷

আনহাতে, নদীৰ মাজৰ অতি দুৰ্গম চাৰখলিয়া, চকিয়া চাপৰিত স্বাধীনতাৰ পূবৰে পৰা বসবাস কৰি অহা এহেজাৰ পৰিয়ালৰ বহু লোক নিশাৰ ঘটনাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে ৷ উক্ত ঘটনাই সমগ্ৰ ডিব্ৰুগড়ত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষীৰ তদন্ততহে প্ৰকৃত ঘটনা সন্দৰ্ভত জানিব পৰা যাব ৷

Intro:Sarkholia chapori incident update
:ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত চাৰখলীয়া চাপৰিত সংঘটিত ভয়ংকৰ ঘটনাৰ তদন্তৰ বাবে ৰাওনা ডিব্ৰুগড় আৰক্ষীৰ এটা বৃহৎ দল।অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি বৰাৰ নেতৃত্বত ব্ৰহ্মপুত্ৰৰ বুকুৱে ৰাওনা হৈছে আৰক্ষীৰ বৃহৎ দলটো।ডিব্ৰুগড় বিধানসভাৰ অন্তৰ্গত অতি দুৰ্গম স্থান ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত চাৰখলীয়া চাপৰিলৈ যোৱাৰ বাবে নাৱয়েই একমাত্ৰ যাতায়ত হোৱাৰ লগতে সময় লাগে প্ৰায় চাৰিঘণ্টা।চাৰখলীয়া চাপৰিৰ
ৰামসিংহ ঘাটত একাংশ গোৱলাৰ ওপৰত মিছিং জনগোষ্ঠীয় সংগঠন "টি এম পি কে"ৰ নাম লৈ আক্ৰমণ কৰিছিল যোৱা নিশা।দহটাৰো অধিক বাসগৃহ জ্বলাই দিয়াৰ লগতে দা- লাঠিৰে আক্ৰমণ কৰাৰ ফলত কেইবাজনো লোক আহত হোৱাৰ উপৰি মুৰুলী যাদৱ নামৰ এজন আজি চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। দাৰ ঘাপত আহত মুৰলী যাদব ডিব্ৰুগড়ৰ বহ্মপুত্ৰ নাছিংহোমৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল।আনহাতে বিজয় যাদব নামৰ আন এজন এ এম চিত চিকিৎসাধীন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।অভিযোগ মতে চাপৰিত বছৰ বছৰ ধৰি বসবাস কৰা লোক সকলক TMPKয়ে ধনদাবী কৰিছিল। গোৱলাৰ পৰা দাবীকৰা ধন নোপোৱাৰ বাবেই টি এম পি কেৰ এটা দলে গাখীৰ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা গোৱালা সকলৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছে। টি এম পি কেৰ ধেমাজি জিলাৰ 'লাই মেকুৰী' আঞ্চলিক সমিতিয়ে লিখিত প্ৰত্ৰৰে গোৱাল সকলৰ পৰা ধন দাবী কৰি আহিছিল। ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ অন্তৰ্গত চাৰখলিয়া চাপৰিৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে টি এম পি কেৰ লাই মেকুৰী আঞ্চলিক সমিতিৰ বিৰুদ্ধে গোছৰ দাখিল কৰিছে।ডিব্ৰুগড়ৰ পৰা নাৱেৰে চাৰি ঘন্টা সময় লগাৰ বাবে আৰক্ষী নিশাৰ ভাগত যাব নোৱাৰিলে যদিও আজি এটা বৃহৎ দল ৰাওনা হৈছে।নদীৰ মাজৰ অতি দুৰ্গম চাৰখলিয়া, চকিয়া চাপৰিত গৰু, মহ পালন কৰি গাখীৰ যোগান ধৰা লগতে এহেজাৰ পৰিয়ালে স্বাধীনতাৰ পূবৰে পৰা বসবাস কৰি অহা বহু কেইজন লোক নিশাৰ ঘটনাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে।উক্ত ঘটনাই সমগ্ৰ ডিব্ৰুগড়ত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।আৰক্ষীৰ তদন্ততহে প্ৰকৃত ঘটনা টো সন্দৰ্ভত জানিব পৰা হব যদিও TMPKয়ে বিভিন্ন সময়ত ধনদাবী কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদBody:DoConclusion:Do
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.