ডিব্ৰুগড়,29 জুনঃ ডিব্ৰুগড় ভূমি কেলেংকাৰীৰ মূল হোতা তথা প্ৰাক্তন জ্যেষ্ঠ ভূমি পঞ্জীয়ক প্ৰণৱ কুমাৰ বৰাক গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ৷ উক্ত গোচৰত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মৃগেন জালান,অধিবক্তা স্বাগতা কুন্দু,নেমচন্দ্ৰ কেজৰিৱাল,সাৰদা দেৱী কেজৰিৱাল আৰু অনিল কেজৰিৱালক ৷
জিলা পৰ্যায়ৰ কমিটিৰ দ্বাৰা অনুমোদিত মূল্যতকৈ কম মূল্যত মাটি বিক্ৰী কৰাৰ এক গোচৰত অভিযুক্ত হৈ আছিল প্ৰাক্তন ভূমি পঞ্জীয়কগৰাকী ৷ এম এচ নাছিং দাস সুৰজমল প্ৰপাৰেটৰ প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী মৃগেন জালানে No1909 and 1462 29/06/2017 নম্বৰৰ বিদযোগে জিলা উপায়ুক্ত কাৰ্যালয়ৰ ভুৱা অনুমতি প্ৰত্ৰ দাখিল কৰি প্ৰায় দুবিঘা মাটি নেম চন্দ্ৰ কেজৰিৱাল,সাৰদা দেৱী কেজৰিৱাল আৰু অনিল কেজৰিৱালক বিক্ৰী কৰিছিল। ভূমি বিক্ৰী চক্ৰটোৰ বাবে সকলো ভুৱা নথি-পত্ৰ প্ৰস্তুত কৰিছিল অধিবক্তা ৰাজু কেজৰিৱাল আৰু স্বাগতা কুন্দুৱে ৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ছীলৰ লগতে উপায়ুক্তৰ চহীও জাল কৰিছিল আৰু মাটি বিক্ৰী কৰিছিল আৰু সমগ্ৰ প্ৰক্ৰিয়াটোত সহায় কৰিছিল ভূমি পঞ্জীয়ক প্ৰণৱ কুমাৰ বৰাই ৷
ভূমি বিক্ৰীৰ নামত সংঘটিত হোৱা কেলেংকাৰী পোহৰলৈ অহাত ডিব্ৰুগড় আৰক্ষীত গোচৰ তৰিছিল উপ-পঞ্জীয়ক ভূপেন পাটোৱাৰীয়ে ৷ পাটোৱাৰীৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে 763/19 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ U/S120B/465/467/471/472/34 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছিল ৷ উক্ত গোচৰত দোষী সাব্যস্ত হোৱা মৃগেন জালান,অধিবক্তা স্বাগতা কুন্দু,নেমচন্দ্ৰ কেজৰিৱাল,সাৰদা দেৱী কেজৰিৱাল আৰু অনিল কেজৰিৱালক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছিল যদিও মূল অভিযুক্ত প্ৰণৱ কুমাৰ বৰা দীৰ্ঘদিন ধৰি পলাই আছিল ৷ অৱশেষত গোচৰটোৰ তদন্তকাৰী বিষয়া দ্বীপজ্যোতি দাধৰাৰ তৎপৰতাত যোৱানিশা গুৱাহাটীৰ হাতীগাঁওৰ পৰা গ্ৰেপ্তাৰ হয় ভূমি পঞ্জীয়ক প্ৰণৱ কুমাৰ বৰা ৷
অধিক পঢ়কঃৰাজহুৱা সভাত ৰাষ্ট্ৰীয় সংগীতক অৱমাননা মন্ত্ৰী চন্দন ব্ৰহ্মৰ