ETV Bharat / state

বক্স টিভিয়ে প্ৰাণ ল'লে ডিব্ৰুগড়ৰ এজন যুৱকৰ!

পুৰণি বক্স টিভিৰ সন্ধানেই কাল হ'ল ডিব্ৰুগড়ৰ ঘোৰামৰা আৰক্ষী চকীৰ অন্তৰ্গত ডঙপঠাৰ জগলনীৰ নাৰায়ণ দুৱৰা নামৰ এজন যুৱকৰ ৷ যুৱকজনক বন্ধু অশোকে ঘৰৰ পৰা মাতি নি নৃশংক ভাৱে হত্যা কৰে ৷ আৰক্ষীৰ তদন্তত বন্ধু অশোকে নাৰায়ণক হত্যা কৰা বুলি স্বীকাৰোক্তি দিয়ে ৷

author img

By

Published : Nov 4, 2020, 9:58 PM IST

dibrugarh_murder case
বস্ক টিভিয়ে প্ৰাণ ল'লে ডিব্ৰুগড়ৰ এজন যুৱকৰ!

ডিব্ৰুগড়,4নৱেম্বৰ: বুধবাৰে ডিব্ৰুগড়ত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড ৷ পুৰণি বক্স টিভিৰ সন্ধানৰ নামত ঘৰৰ পৰা ধন সহ ওলাই গৈ নৃশংস হত্যাৰ বলী হয় ডিব্ৰুগড়ৰ ঘোৰামৰা আৰক্ষী চকীৰ অন্তৰ্গত ডঙপঠাৰ জগলনীৰ নাৰায়ণ দুৱৰা নামৰ এজন যুৱক ৷

ঘটনাৰ অভিযোগ অনুসৰি, যোৱা দেওবাৰে নাৰায়ণক বক্স টিভিৰ লগতে গৰুৰ ব্যৱসায়ৰ সন্ধানত অশোক কুৰ্মী আন এজন বন্ধুয়ে ঘৰৰ পৰা লৈ গৈছিল ৷ সেই সময়ত নাৰায়ণে ঘৰৰ পৰা লগত লৈ গৈছিল বৃহৎ পৰিমাণৰ ধন আৰু অলংকাৰ ৷ দেওবাৰৰ পৰা নাৰায়ণ ঘৰলৈ উভতি নাহে ৷ যাৰ বাবে নাৰায়ণৰ পৰিয়াল চিন্তিত হৈ পৰে আৰু নাৰায়ণৰ পৰিয়ালে অশোক কুৰ্মী আৰু অশোকৰ পত্নীক যোগাযোগ কৰে ৷ কিন্তু কোনো সন্ধান পোৱা নাছিল নাৰায়ণৰ ৷ ডিব্ৰুগড়ৰ লাহোৱালতে নাৰায়ণৰ লগ এৰা বুলি পৰিয়ালক কৈ ফালৰি কটাৰ চেষ্টা কৰে অশোকে । ঘটনাটোত অধিক ৰহস্য সৃষ্টি হোৱাত নাৰায়ণৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপে ৷ আৰক্ষীয়ে অশোকক গ্ৰেপ্তাৰ কৰি চলোৱা তদন্তত নাৰায়ণক হত্যা কৰি ৰহমৰীয়াৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত পুটি থোৱা বুলি বিস্ফোৰক স্বীকাৰ প্ৰদান কৰে অশোকে । অশোকৰ মন্তব্যৰ ভিত্তিতেই আজি পুৱা ৰহমৰীয়াল গেলেকী চাপৰিত বৃহৎ আৰক্ষীৰ দল উপস্থিত হৈ বালিত পুটি থোৱা অৱস্থাৰ পৰা নাৰায়ণৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ কৰে । যুৱক জনক উলংগ কৰি অতি নৃশংস ভাৱে হত্যা কৰি বালিত পুতি থোৱা হৈছিল ৷

বক্স টিভিয়ে প্ৰাণ ল'লে ডিব্ৰুগড়ৰ এজন যুৱকৰ!

ঘোৰামৰাৰ ভদ্বেশ্বৰ দুৱৰা আৰু অনিমা দুৱৰাৰ পুত্ৰ নাৰায়ণ দুৱৰা জন্মৰে পৰা আছিল বিশেষ ভাৱে সক্ষম । বিশেষ ভাৱে সক্ষম যদিও দৰিদ্ৰ পৰিয়ালটোক স্থানীয় লোক সকলে বিভিন্ন প্ৰকাৰে সহায় সহযোগ কৰি আহিছিল । পুৰণি টিভি ক্ৰয় কৰি পুনৰ অত্যাধিক মূল্যত বিক্ৰী কৰাৰ বাবে বন্ধু অশোকে প্ৰলোভিত কৰি মটৰচাইকেলত নিজ ঘৰৰ পৰা লৈ গৈছিল । কিন্তু অৱশেষত অতি নৃশংস ভাৱে হত্যা কৰা হয় নাৰায়ণক ৷

অন্য এক খবৰৰ বাবে: ধৰ্মীয় চহৰ হৰিদ্বাৰত উদ্ধাৰ কৰা হৈছে 150 বছৰীয়া প্ৰাচীন চিৰি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.