ETV Bharat / state

ডিব্ৰুগড় ডেগাৰ কাণ্ডঃ দুজনৰ মৃত্য়ু, গ্ৰেপ্তাৰ মুল অভিযুক্ত - Arrested Main Accused

যোৱানিশা ডিব্ৰুগড়ত সংঘটিক ডেগাৰ আক্ৰমণৰ ঘটনাৰ জড়িত গুনীন চেতিয়া আৰু সঞ্জয় আহমেদ গ্ৰেপ্তাৰ ৷ বৃহস্পতিবাৰে ৰাতিপুৱা ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত লোকদুজনক ৷

ডিব্ৰুগড় ডেগাৰ কাণ্ডঃ দুজনৰ মৃত্য়ু, গ্ৰেপ্তাৰ মুল অভিযুক্ত
author img

By

Published : Jul 4, 2019, 8:36 PM IST

Updated : Jul 4, 2019, 10:47 PM IST

ডিব্ৰুগড়, 4 জুলাইঃ বুধবাৰে নিশা ডিব্ৰুগড়ত উদ্ভৱ হোৱা অপ্ৰীতিকৰ পৰিস্থিতিক কেন্দ্ৰ কৰি আজি বন্ধ হৈ পৰে ডিব্ৰুগড় চহৰ ৷ ঘটনাক লৈ উত্তেজনা অব্যাহত থকাৰ সময়তে পুৱতি নিশা গ্ৰেপ্তাৰ হয় অভিযুক্ত গুনীন চেতিয়া আৰু সঞ্জয় আহমেদ নামৰ লোকদুজন ৷

উল্লেখ্য যে, যোৱানিশা ডিব্ৰুগড় চহৰত AR 20 4847 নম্বৰৰ চুইফট ডিজায়াৰ গাড়ীৰে ৰোগী কঢ়িয়াই অনা গুনীন চেতিয়া নামৰ লোকজনৰ সৈতে কোনো কথাত মতানৈক্যৰ সৃষ্টি হয় একাংশ লোকৰ ৷ এনে অৱস্থাত গুনীনে এখন ডেগাৰেৰে আক্ৰমণ সংঘটিত কৰাত মৃত্য়ু হয় দীপক মেচ আৰু ৰাতুল বৰা নামৰ লোকদুজনৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় প্ৰাণজিৎ ভূঞা, ৰূপম নাথ আৰু মনোজ দত্ত নামৰ লোক তিনিজন ৷

পৰৱৰ্তী সময়ত ঘটনাক লৈ উত্তপ্ত হৈ পৰে সমগ্ৰ ডিব্ৰুগড় চহৰ ৷ ইয়াৰ মাজতে একাংশই অৰুণাচলী লোকক আক্ৰমণ কৰাৰ লগতে দুই-এখন অৰুণাচলী বাহনৰো ক্ষতিসাধন কৰে ৷ ইতিমধ্য়ে আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত গুনীন আৰু সঞ্জয়ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

Intro: ডিব্ৰুগড়ত এটা সৰু ঘটনাৰ আলম লৈ ভয়ানক পৰিস্থিতি।ডেগাৰেৰে আক্ৰমণ কেইবাজনক।ইয়াৰে দুজনৰ মৃত্যু।অভিযুক্ত গ্ৰেপ্তাৰ।

Body:যোৱা নিশাৰ ভয়ংকৰ ঘটনাক কেন্দ্ৰ কৰি আজি বন্ধ হৈ পৰে ডিব্ৰুগড় চহৰ।ইফালে ঘটনাত চোকা অস্ত্ৰৰে আঘাত কৰা আন এজনৰ আজি মৃত্যু হয়।অন্যহাতে ঘটনাটোত চোকা অস্ত্ৰৰে কেইবাজন লোকক আক্ৰমণ কৰা গুণীণ চেতিয়া লগতে আন এজন অভিযুক্ত সঞ্জয় আহমদক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।আৰক্ষীৰ মতে তিনিচুকীয়াৰ নিৱাসী গুণীণে যোৱা নিশা আত্মীয় ৰুগীৰ সৈতে বাহনখনত গৈ আছিল এনে সময়তে পাঁচজন লোকৰ সৈতে বাহনখনৰ চলাচলক লৈ সৃষ্টি হয় সংঘাত।
এই সৰু ঘটনাটোৱে ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহৰ ৰূপ লয় আৰু পৰিস্থিতি ভয়াবহ হৈ পৰে।আৰম্ভ হয় আক্ৰমণৰ ঘটনা।
ইয়াৰ মাজতে AS 20 4847 নম্বৰৰ চুইফট ডিজায়াৰ বাহনখনৰ গুণীণে এখন ডেগাৰ উলিয়াই পাচজনৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক মেচৰ লগতে ৰাতুল বৰা নামৰ দুজনক গুৰুত্বৰ ভাৱে আঘাত কৰে।যত অসম চিকিৎসা মহাবিদ্যালয়ত দীপকৰ মৃত্যু হয় লগতে আহত ৰূপম নাথ,ৰাতুল বৰা,প্ৰাণজিত ভূঞা আৰু মনোজ দত্তক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।ঘটনাক কেন্দ্ৰ কৰি অসম চিকিৎসা মহাবিদ্যালয়তো উত্তপ্ত পৰিস্থিতিৰ সৃষ্ট হয়।উদ্বত লোকে সাংবাদিকৰ কেমেৰা আৰু মোবাইল কাঢ়ি লোৱাৰো চেষ্টা চলাই।
ইফালে ঘটনা সংঘটিত কৰি গুণীণ পলাই যায়। বাহনখনৰ নম্বৰ অৰুণাচলত পঞ্জীয়ন দেখি ঘটনাস্থলীত উত্তেজিত ৰাইজে নিশাৰ ভাগতে চহৰখনত থকা আৰুণাচলী লোকৰ আশ্ৰয় স্থল চলাথ কৰাৰ লগতে লণ্ড ভণ্ড কৰে।ঘটনাৰ আলম লৈ আজি পুৱা ডিব্ৰুগড়ৰ মাজৰে পাৰ হৈ যোৱা অৰুণাচলৰ পঞ্জীয়নভুক্ত দুই এক বাহনো আক্ৰমণ কৰা হয়।ইফালে অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰাণ হেৰুৱাই আঘাট প্ৰাপ্ত ৰাতুল বৰাই।
ইয়াৰ মাজতে পুৱতি নিশা গ্ৰেপ্তাৰ কৰা হয় গুণীণ আৰু ঘটনাৰ লগত জড়িতৰ অভিযোগত ডিব্ৰুগড়ৰ সঞ্জয় আহমেদক।ইফালে আৰক্ষীৰ আগত আত্মৰক্ষাৰ বাবে এইদৰে প্ৰত্যাক্ৰমণ কৰিব লগা হ'ল বুলি ক'লে অভিযুক্ত গুণীণে।

‌byte: additional sp dib

Conclusion: ঘটনাক লৈ এতিয়াও উত্তেজনা অব্যাহত ডিব্ৰুগড়ত।
Last Updated : Jul 4, 2019, 10:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.